ETV Bharat / bharat

ৰাম মন্দিৰ স্মাৰক ডাক টিকট মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

author img

By PTI

Published : Jan 18, 2024, 2:12 PM IST

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাম মন্দিৰ স্মাৰক ডাক টিকট মুকলি কৰে (Ram temple postage stamps)। লগতে বিশ্বজুৰি ভগৱান ৰামৰ ওপৰত জাৰি কৰা ডাক টিকটৰ এখন গ্ৰন্থও মুকলি কৰে ।

postage stamps on Ram temple
ৰাম মন্দিৰ স্মাৰক ডাক টিকট মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

নেশ্যনেল ডেস্ক,১৮ জানুৱাৰী : অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰ মুকলিক লৈ দেশজুৰি ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ মাজত মাত্ৰ ৩ দিন বাকী আছে । ইতিমধ্যে অযোধ্যাত বিভিন্ন কাৰ্যসূচী আৰম্ভ হৈছে । তাৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাম মন্দিৰ স্মাৰক ডাক টিকট আৰু বিশ্বজুৰি ভগৱান ৰামৰ ওপৰত জাৰি কৰা ডাক টিকটৰ এখন গ্ৰন্থ মুকলি কৰে ।

বিষয়াসকলে জনোৱা মতে ডাক টিকটত থকা উপাদানবোৰৰ ভিতৰত আছে ৰাম মন্দিৰ, চৌপাই 'মঙ্গল ভৱন অমঙ্গল হৰি', সূৰ্য, সৰয়ু নদী আৰু মন্দিৰৰ আশে-পাশে থকা ভাস্কৰ্যসমূহ । বিষয়াসকলৰ মতে ৬ টা ডাক টিকট হৈছে ৰাম মন্দিৰ, ভগৱান গণেশ, ভগৱান হনুমান, জটায়ু, কেৱতৰাজ আৰু মা সাৱৰী আছে ।

ডাক টিকটৰ গ্ৰন্থখন হৈছে ভগৱান ৰামৰ আন্তৰ্জাতিক আবেদন প্ৰদৰ্শন কৰাৰ এক প্ৰয়াস আৰু ৪৮ পৃষ্ঠাৰ গ্ৰন্থখনত আমেৰিকা, নিউজীলেণ্ড, ছিংগাপুৰ, কানাডা, কম্বোডিয়া আৰু ৰাষ্ট্ৰসংঘৰ দৰে সংগঠনকে ধৰি ২০ খনতকৈও অধিক দেশৰ দ্বাৰা জাৰী কৰা ডাক টিকট সামৰি লোৱা হৈছে ।

ডাক টিকটত সূৰ্যৰ ৰশ্মি আৰু 'চৌপাই'ৰ এটা সোণৰ পাতয়ে এই ক্ষুদ্ৰ চাদৰখনত এক ৰাজকীয় আইকন প্ৰদান কৰে, তেওঁলোকে উল্লেখ কৰে যে পাঁচটা ভৌতিক উপাদান, আকাশ, বায়ু, জুই, পৃথিৱী আৰু পানী, বিভিন্ন ডিজাইন উপাদানৰ জৰিয়তে প্ৰতিফলিত হয় আৰু তেওঁলোকৰ নিখুঁত সমন্বয় স্থাপন কৰে যি সকলো প্ৰকাশৰ বাবে অত্যাৱশ্যকীয় ।

সূৰ্যৰ ৰশ্মি আৰু চৌপাইৰ সোণালী পাতবোৰে ইয়াক এক ৰাজকীয় প্ৰতীক কৰি তুলিছে । ৫ টা ভৌতিক উপাদান অৰ্থাৎ আকাশ, বায়ু, জুই, পৃথিৱী আৰু পানী যাক 'পঞ্চভূত' বুলি কোৱা হয়, সেইবোৰো বিভিন্ন ডিজাইনেৰে সজোৱা হৈছে ।

লগতে পঢ়ক :অযোধ্যা পালেহি শিল্পী অৰুণ যোগীৰাজৰ দ্বাৰা নিৰ্মিত ৰামৰ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.