নিউজ ডেস্ক,6 মাৰ্চ: সংযুক্ত কমাণ্ডাৰ কনফাৰেঞ্চত অংশগ্ৰহণৰ বাবে শনিবাৰে গুজৰাটৰ কেবাড়িয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ Statue of Unity ৰ কাষতে সেনাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী ৷
বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে পোনে পোনে কেবাড়িয়ালৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোডী ৷ বিমানবন্দৰত তেখেতক আদৰণি জনায় গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত, মুখ্যমন্ত্ৰী বিজয় ৰুপানী তথা উপ-মুখ্যমন্ত্ৰী নীতিন পাটিলে ৷
আনহাতে, এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শুকুৰবাৰে গুজৰাটত উপস্থিত হৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷
লগতে পঢ়ক- নাহৰকটীয়াত আবতৰীয়া দীপাৱলী পালন