ETV Bharat / bharat

Modi Slams Congress : বিজেপি ভক্তিত নিমজ্জিত আৰু কংগ্ৰেছ দুৰ্নীতিগ্ৰস্ত দল; প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 2:20 PM IST

অযোধ্যাৰ ৰাম মন্দিৰৰ বিষয় এতিয়া মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনতো প্ৰতিধ্বনিত হৈছে । বিজেপিয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ বিষয়টো ৰাজ্যখনৰ নিৰ্বাচনত সজোৰে উত্থাপন কৰিছে । বৃহস্পতিবাৰে সাতনাত অনুষ্ঠিত এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "আজিকালি য'লৈকেই যাওঁ, অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বিষয়টো আলোচনা হয় । সকলোতে সুখৰ বন্যা বৈছে । এতিয়া থমকি ৰোৱাৰ কথা নাই, ভাগৰ লগাৰ কথা নাই আৰু বিশ্ৰামৰতো কোনো প্ৰশ্নই নাই ।"

বিজেপি ভক্তিত নিমজ্জিত আৰু কংগ্ৰেছ দুৰ্নীতিগ্ৰস্ত দল; প্ৰধানমন্ত্ৰী মোদী
Modi Slams Congress

নিউজ ডেস্ক, ৯ নৱেম্বৰ : মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । শাসক-বিৰোধী উভয়ে শাসন ক্ষমতা দখলৰ বাবে কঁকালত টঙালি বান্ধি লাগিছে । কংগ্ৰেছে বিজেপিক তীব্ৰ সমালোচনাৰ বিপৰীতে বিজেপিয়েও প্ৰত্যাক্ৰমণ কৰিছে । তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে ।

এক নিৰ্বাচনী সভাত মোদীয়ে কয়, "বৰ্তমান সমগ্ৰ বিশ্বতে বোমা আৰু বন্দুকৰ শব্দ শুনা গৈছে । এনে পৰিস্থিতিত ভাৰতে এতিয়া বিশ্বৰ যুদ্ধ মানসিকতাৰ লোকসকলক এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে । আমি এই ভক্তিৰে ৪ কোটি দৰিদ্ৰ লোকৰ ঘৰো নিৰ্মাণ কৰিছোঁ । যিসকলে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই, তেওঁলোকক মোদীয়ে নিশ্চিত কৰিছে যে তেওঁলোকৰ ঘৰো নিৰ্মাণ কৰা হ'ব ।"

  • #WATCH | PM Modi at a public rally in Satna, Madhya Pradesh says, "These days wherever I go, there is talk of Ram Temple being constructed in Ayodhya. There is a wave of happiness everywhere...Ab rukna nahi hai, thakna nahi hai aur vishraam ka sawaal toh paida hi nahi hota" pic.twitter.com/8QvlRFmx03

    — ANI (@ANI) November 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "এতিয়া কংগ্ৰেছৰ মিথ্যাচাৰ ওলাই পৰিছে । মধ্যপ্ৰদেশৰ জনতাৰ মোদীৰ গেৰাণ্টিৰ ওপৰত বিশ্বাস আছে । কংগ্ৰেছ নেতাসকলে কোনো সমৰ্থন লাভ কৰা নাই । তেওঁলোকে ইফালৰ পৰা সিফালে দৌৰি কেৱল হুলস্থুল কৰি আছে ।" ইয়াৰ উপৰি মোদীয়ে কয়, "মোক যি গালি পাৰি আছে তাৰ কাৰণ হৈছে কংগ্ৰেছৰ ক'লাধনৰ দোকান বন্ধ কৰাটো । কংগ্ৰেছৰ ওচৰত কোনো পৰিকল্পনা নাই । এইবাৰ মধ্যপ্ৰদেশৰ নিৰ্বাচন আকৰ্ষণীয় হ'ব । ইয়াৰ প্ৰতিফলন ৩ ডিচেম্বৰত ঘোষিত হ'বলগা ফলাফলত ওলাই পৰিব ।"

একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে দিগ্বিজয় সিং আৰু কমল নাথকো পৰোক্ষভাৱে আক্ৰমণ কৰি কয় যে ইয়াত কাপোৰ ছিঙাৰ ৰাজনীতি চলি আছে । বহু বছৰ ধৰি ক্ষমতাৰ সপোন দেখি অহা এই নেতাসকলে তেওঁলোকৰ পুত্ৰসকলক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে ।

উল্লেখ্য যে যে সাতনাত প্ৰধানমন্ত্ৰী মোদীৰ সভাৰ প্ৰভাৱ বিন্ধ্যৰ ৩০ খন বিধানসভা আসনত পৰিব পাৰে । ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ৰেৱা জিলাৰ ৮ খন আসন আৰু সাতনাৰ ৭ খন আসনত স্পষ্ট হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীৰ সভা বুন্দেলখণ্ডৰ ছত্ৰপুৰত অনুষ্ঠিত হ'ব । বিজেপিৰ দাবী যে ইয়াৰ ফলত ছত্ৰপুৰৰ ৬খন, পান্নাত ৩খন, টিকমগড়ত ৩খন আৰু নিৱাৰীত ২খন আসন প্ৰভাৱিত হ'ব ।

লগতে পঢ়ক :Ayurvedic regional review meeting : সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত পঞ্চকুলাত আয়ুৰ্বেদিক আঞ্চলিক পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.