ETV Bharat / bharat

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে Ayushman Bharat Digital Mission

author img

By

Published : Sep 27, 2021, 1:36 PM IST

লাখৰো অধিক লোকৰ বাবে স্বাস্থ্যখণ্ডই আগবঢ়োৱা সেৱা সহজলভ্য কৰি তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে আয়ুষ্মান ভাৰত ডিজিটেল মিছন (Ayushman Bharat Digital Mission) ৷ সোমবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মিছনৰ শুভাৰম্ভ কৰে ৷ এই মিছনে দেশৰ স্বাস্থ্যখণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি আশাবাদী কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়া(Union Health Minister Mansukh Mandaviya) ৷

PM Modi launches Ayushman Bharat Digital Mission
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে Ayushman Bharat Digital Mission

নেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ : স্বাস্থ্যখণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে সোমবাৰে আয়ুষ্মান ভাৰত ডিজিটেল মিছন( Ayushman Bharat Digital Mission)ৰ আৰম্ভ কৰে ৷ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভ কৰা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়া(Union Health Minister Mansukh Mandaviya) উপস্থিত থাকে ৷

এই অভিযানৰ জৰিয়তে দেশৰ স্বাস্থ্যখণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে, যাৰ জৰিয়তে দেশৰ নাগৰিকসকলে মাথো এটা টিপতে স্বাস্থ্যখণ্ডই আগবঢ়োৱা সুবিধাসমূহ প্ৰাপ্ত কৰিব পাৰিব ৷ এই অভিযানে নাগৰিকসকলৰ সন্মতি সাপেক্ষে তেওঁলোকৰ স্বাস্থ্য ৰেকৰ্ডৰ আদান-প্ৰদান সক্ষম কৰি তুলিব ৷ এই অভিযানে আগবঢ়াবলগীয়া মুখ্য সুবিধাসমূহৰ ভিতৰত এক অন্যতম সুবিধা হ'ল দেশৰ প্ৰতিজন নাগৰিকৰ বাবে একোখনকৈ স্বাস্থ্য পৰিচয় পত্ৰ(health ID)ৰ ব্যৱস্থা ৷

এই স্বাস্থ্য পৰিচয় পত্ৰখনে নাগৰিকসকলৰ স্বাস্থ্য একাউণ্ট হিচাপেও কাম কৰিব ৷ ম'বাইল এপ্লিকেশ্যনৰ জৰিয়তে সংযোগ কৰি নাগৰিকসকলে তেওঁলোকৰ ব্যক্তিগত স্বাস্থ্য ৰেকৰ্ড চাব পাৰিব ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ 15 আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে লালকিল্লাৰ(Red Fort)ৰ পৰা আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ পাইলট প্ৰকল্প(pilot project of Ayushman Bharat Digital Mission)ৰ কথা ঘোষণা কৰিছিল ৷ সম্প্ৰতি এই কাৰ্যসূচী ছয়টা কেন্দ্ৰীয় শাসিত অঞ্চলত পাইলট ভিত্তিত ৰূপায়ণ কৰা হৈছে ৷ এই অভিযানৰ শুভাৰম্ভণিৰ মূহুৰ্তত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই কয় যে, এই অভিযানে স্বাস্থ্য খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি তেওঁ বিশ্বাসী ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতেই এই অভিযানৰ শুভাৰম্ভণি কৰাত তেওঁ যথেষ্ট সুখী বুলিও মাণ্ডৱিয়াই মন্তব্য কৰে ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়া মতে, আয়ুষ্মান ভাৰত ডিজিটেল মিছনে বিভিন্ন ধৰণৰ তথ্য, তথ্য আৰু আন্তঃগাঁথনি সেৱাৰ ব্যৱস্থাৰ জৰিয়তে এক seamless online platform সৃষ্টি কৰিব ৷ য'ত স্বাস্থ্য সম্পৰ্কীয় ব্যক্তিগত তথ্যৰ সুৰক্ষা আৰু গোপনীয়তা নিশ্চিত কৰা হ'ব ৷

লগতে পঢ়ক : লক্ষ্য RSSক প্ৰতিৰোধ : কংগ্ৰেছে মুকলি কৰিলে Jawahar Bal Manch

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.