ETV Bharat / bharat

জি-২০ সন্মিলনত অংশ লোৱাৰ বাবে ৰোমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

শুকুৰবাৰে ৰোমত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi) । ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘি(Mario Draghi)ৰ আমন্ত্ৰণমৰ্মে তেওঁ ৰোমত উপস্থিত হৈছেগৈ । জি-২০ সন্মিলন(G20 Summit)ত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

author img

By

Published : Oct 29, 2021, 12:43 PM IST

PM Modi lands in Rome for G20 Summit
ৰোমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নেশ্যনেল ডেস্ক, ২৯ অক্টোবৰ : ৩০ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনত অংশ লোৱাৰ বাবে শুকুৰবাৰে ৰোমত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰথম দিনটোত তেওঁ জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । এই ভ্ৰমণ কালত তেওঁ ভেটিকানত পোপ ফ্ৰান্সিছক সাক্ষাৎ কৰিব । আজিৰে পৰা ৩১ অক্টোবৰলৈকে প্ৰধানমন্ত্ৰী মোডী ইটালীতে থাকিব ।

ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘি(Mario Draghi)ৰ আমন্ত্ৰণমৰ্মে তেওঁ ৰোমত উপস্থিত হৈছেগৈ । ইয়াৰ পাচত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনৰ আমন্ত্ৰণ ৰক্ষা কৰি ১ নৱেম্বৰত ইংলেণ্ডৰ গ্লাছগোত উপস্থিত হ'ব আৰু চিঅ'পি২৬ বৈঠকত অংশ ল'ব । ২ নৱেম্বৰলৈকে তেওঁ গ্লাছগোত থাকিব । উল্লেখ্য যে, ৰোমত প্ৰধানমন্ত্ৰী মোডীয়ে ১৬ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব ।

এই সন্মিলনত ৰাষ্ট্ৰপ্ৰধানসকলে কৰ'ণাসৃষ্ট পৰিস্থিতিত বিশ্ব অৰ্থনীতি আৰু স্বাস্থ্য পুনৰুদ্ধাৰ কৰা, বহনক্ষম উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তনৰ আদি বিষয়ত আলোচনা কৰিব । প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে এই কথা ।

তেওঁ জনায় যে, ২০২০ চনত মহামাৰী আৰম্ভ হোৱাৰ পিছত এয়া জি-২০ৰ প্ৰথমখন ব্যক্তিগত সন্মিলন । বৰ্তমানৰ গোলকীয় পৰিস্থিতিৰ বুজ লোৱাত আৰু অৰ্থনৈতিক স্থিতিস্থাপকতা শক্তিশালী কৰাৰ বাবে আৰু মহামাৰীৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ পৰা ৰক্ষা কৰি পুনৰ পূৰ্বৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে জি-২০ই কেনেদৰে এক ইঞ্জিন হিচাপে কাম কৰিব পাৰে সেই সন্দৰ্ভত মত বিনিময় কৰিবলৈ এই সন্মিলনে সহায় কৰিব বুলিও তেওঁ কয় । জি-২০ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে আন দেশৰ নেতাসকলকো সাক্ষাৎ কৰিব আৰু তেওঁলোকৰ সৈতে ভাৰতৰ দ্বি-পাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰিব ।

তেওঁ লগতে কয় যে, আজি ভাৰতে জলবায়ু অভিযোজন, প্ৰশমন আৰু স্থিতিস্থাপকতা আৰু বহুপাক্ষিক মিত্ৰতা গঢ়ি তোলাৰ বাবে সামূহিক প্ৰচেষ্টা চলোৱাত নতুন অভিলেখ ৰচিছে । নৱীকৰণযোগ্য শক্তি সংস্থাপন কৰা, বায়ু আৰু সৌৰ শক্তি ক্ষমতা থকা বিশ্বৰ শীৰ্ষ দেশসমূহৰ ভিতৰত আছে ভাৰত । প্ৰধানমন্ত্ৰী মোডীয়ে লগতে জনায় যে, ডব্লিউএলএছত তেওঁ জলবায়ু ক্ৰিয়া আৰু এই ক্ষেত্ৰত ভাৰতৰ সাফল্যৰ বিষয়ে ব্যাখ্যা দাঙি ধৰিব ।

গ্লাছগোত প্ৰধানমন্ত্ৰীয়ে ১ আৰু ২ নৱেম্বৰত বিশ্বৰ ১২০ খন ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীৰ সৈতে 'বিশ্ব নেতা সন্মিলন' (World Leaders' Summit) শীৰ্ষক চিঅ'পি-২৬ ৰ উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব । প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ জলবায়ু পৰিৱৰ্তনৰ সমস্যাসমূহৰ সমাধানৰ প্ৰয়োজনীয়তাৰ বিষয়েও আলোকপাত কৰিব । শুকুৰবাৰে পুৱতি নিশা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা টুইটযোগে তেওঁ ইটালী অভিমুখে এখন বিমানত উঠাৰ ফটো টুইট কৰিছিল ।

লগতে পঢ়ক:একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি পালে ইন্ধনৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.