ETV Bharat / bharat

দেশৰ বৰ্ধিত জিডিপিক লৈ আনন্দিত প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 3:11 PM IST

'ইনফিনিটি ফ'ৰাম ২.০' সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৬ মাহত ভাৰতৰ জিডিপি ৭.৭ শতাংশ বৃদ্ধিক লৈ আশাবাদী প্ৰধানমন্ত্ৰী । সমগ্ৰ বিশ্ব আজি ভাৰতৰ ওপৰত নিৰ্ভৰশীল ।

Indias GDP growth
দেশৰ বৰ্ধিত জিডিপিক লৈ আনন্দিত প্ৰধানমন্ত্ৰী মোদী

নেশ্যনেল ডেস্ক,৯ ডিচেম্বৰ : দেশৰ বৰ্ধিত জিডিপিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । 'ইনফিনিটি ফ'ৰাম ২.০' সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৬ মাহত ভাৰতৰ জিডিপি ৭.৭ শতাংশ বৃদ্ধি হৈছে । তেওঁৰ মতে বৰ্ধিত জিডিপিয়ে দেশৰ শক্তিশালী অৰ্থনীতি আৰু যোৱা ১০ বছৰত কৰা পৰিৱৰ্তনশীল সংস্কাৰৰ প্ৰতিফলন ।

ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'ইনফিনিটি ফ'ৰাম ২.০' সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে গুজৰাট আন্তঃৰাষ্ট্ৰীয় বিত্তীয় টেক (জিআইএফটি) চহৰক নতুন যুগৰ বিশ্বব্যাপী বিত্তীয় আৰু প্ৰযুক্তি সেৱাৰ বিশ্ব নাভি কেন্দ্ৰলৈ পৰিৱৰ্তন কৰিব বিচাৰে ।

ভিডিঅ' কনফাৰেন্সত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা মতে এই বিত্তীয় বৰ্ষৰ প্ৰথম ৬ মাহতে ভাৰতে ৭.৭ শতাংশ জিডিপি বৃদ্ধি কৰিছে । তেওঁৰ মতে সমগ্ৰ বিশ্বই আজি ভাৰতৰ ওপৰত নিৰ্ভৰশীল । এয়া নিজে হোৱা নাছিল, এয়া ভাৰতৰ শক্তিশালী অৰ্থনীতিৰ প্ৰতিফলন বুলিও তেওঁ অভিহিত কৰে ।

প্ৰধানমন্ত্ৰীৰ মতে ভাৰত আজি বিশ্বৰ দ্ৰুততম উন্নয়নশীল ফিনটেক বজাৰসমূহৰ ভিতৰত অন্যতম আৰু জিআইএফটি আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ (আইএফএছচি) ইয়াৰ অন্যতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে বিশেষজ্ঞসকলক সেউজ ক্ৰেডিটৰ বাবে বজাৰ প্ৰণালী বিকশিত কৰাৰ ওপৰত তেওঁলোকৰ ধাৰণা শ্বেয়াৰ কৰিবলৈ আহ্বান জনায় ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনেস্কোৰ 'মানৱতাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধি তালিকা'ত ৰাজ্যখনৰ পৰম্পৰাগত 'গড়বা নৃত্য' অন্তৰ্ভুক্ত কৰাৰ বাবে গুজৰাটৰ জনসাধাৰণক অভিনন্দনো জ্ঞাপন কৰে ।

উল্লেখ্য যে শেহতীয়াকৈ বিভিন্ন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জিডিপি আৰু অৰ্থনৈতিক অৱস্থাক লৈ মন্তব্য কৰি আহিছে । আগন্তুক কেইবছৰ মানৰ ভিতৰতে ভাৰত তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'ব বুলিও তেওঁ দাবী কৰি আহিছে ।

লগতে পঢ়ক :ভাৰতৰ অৰ্থনৈতিক বিকাশ সমগ্ৰ বিশ্বৰ প্ৰগতিৰ সৈতে জড়িত : প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.