ETV Bharat / bharat

অযোধ্যাত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে নিয়োজিত বৃহৎ নিৰাপত্তা বাহিনীৰ দল - crpf spg in Ayodhya

RPF CRPF SPG deployed in Ayodhya: আজি ৰামনগৰী অযোধ্যাৰ ৰেল ষ্টেচন আৰু বিমানবন্দৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । অযোধ্যত তেওঁ ৰোড শ্ব’ অনুষ্ঠিত কৰাৰ লগতে ৰাজহুৱা সভাতো ভাষণ দিব । অযোধ্যাত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তোলা হৈছে ৷

RPF CRPF SPG deployed in Ayodhya
অযোধ্যাত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে নিয়োজিত বৃহৎ নিৰাপত্তা বাহিনীৰ দল
author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 11:00 AM IST

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ শনিবাৰে অযোধ্যাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ উত্তৰ প্ৰদেশ আৰক্ষী আৰু নিৰাপত্তা সংস্থাই সমগ্ৰ অযোধ্যাৰ প্ৰতিটো কোণত প্ৰায় ছয় হাজাৰ নিৰাপত্তাৰক্ষী, এছ পি জি, এন এছ জি, ইউ পি এ টি এছ আৰু আৰক্ষী জোৱানক মোতায়েন কৰিছে । ইয়াৰ উপৰিও উচ্চ প্ৰযুক্তিৰ ড্ৰ’নৰ জৰিয়তে সমগ্ৰ ৰাম নগৰী আৰু অনুষ্ঠানস্থলীৰ লগতে স্থলপথ, জলপথ আৰু আকাশমাৰ্গত দৃষ্টি ৰখা হৈছে ৷

অযোধ্যাৰ বিমানবন্দৰ আৰু অযোধ্যা ধাম ৰেল ষ্টেচনৰ নিৰাপত্তাৰ দায়িত্ব লৈছে এছ পি জিয়ে । ধৰমপথ আৰু ৰামপথৰ দুয়োটা ৰেলপথৰ পৰা বজাৰলৈকে বেৰিকেড লগাই যাতায়তৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে । বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) প্ৰশান্ত কুমাৰে জানিবলৈ দিয়া মতে, প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত তিনিজন আৰক্ষী উপ-মহাপৰিদৰ্শক, ১৭জন আৰক্ষী অধীক্ষক, ৪০জন অতিৰিক্ত আৰক্ষী অধীক্ষক, ৮২জন উপ-আৰক্ষী অধীক্ষক, ৯০জন পৰিদৰ্শক, ২০০০জন হেড কনিষ্টবল আৰু কনিষ্টবল (পুৰুষ আৰু মহিলা) নিয়োজিত কৰা হৈছে ৷

ইয়াৰ উপৰি ৪৫০ জন যান-বাহন আৰক্ষী বিষয়া, ১৪ টা কোম্পানী পিএচি, ৬ টা কোম্পানী চিআৰপিএফ আৰু আৰএএফ, ২ টা বেটেলিয়ন এটিএছ, ১৫০ জন অগ্নিনিৰ্বাপক বাহিনী, ১৫০০ হোমগাৰ্ড আৰু পিআৰডি জোৱানৰ উপৰিও অযোধ্যাত প্ৰায় ছয় হাজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে । ইয়াৰ উপৰিও নিৰাপত্তাৰ বাবে এছ পি জি আৰু এন এছ জি কমাণ্ডো মোতায়েন কৰা হৈছে বুলি প্ৰশান্ত কুমাৰে জানিবলৈ দিয়ে ।

বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) সদৰী কৰা মতে, মানৱ বাহিনীৰ সমান্তৰালভাৱে, কাৰিকৰী বাহিনীও নিৰাপত্তাৰ ক্ষেত্ৰত মোতায়েন কৰা হৈছে, যিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । তেওঁ কয় যে উচ্চ প্ৰযুক্তিৰ কেমেৰাৰে সজ্জিত ড্ৰ’নে ৰাম নগৰী অযোধ্যা আৰু প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যসূচীৰ স্থানক আকাশৰ পৰা নিৰীক্ষণ কৰিব ৷

ইয়াৰ উপৰিও ডিজিপি মুখ্য কাৰ্যালয়ৰ ছ’চিয়েল মিডিয়া চেল আৰু অযোধ্যা জিলাৰ ছ’চিয়েল মিডিয়া দলে এই ক্ষেত্ৰত দৃষ্টি ৰাখিব । কোনো উৰাবাতৰি খণ্ডন কৰা তথা উৰাবাতৰি বা বিতৰ্কিত মন্তব্য কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অযোধ্যাৰ সৈতে জড়িত প্ৰতিটো পোষ্ট নিৰীক্ষণ কৰা হ’ব । অৱশ্যে প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব’ৰ সময়ত জনসাধাৰণে পথৰ দাঁতিত থিয় দিব পাৰিব ।

সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে লগতে জানিবলৈ দিয়া মতে, অযোধ্যাত প্ৰধানমন্ত্ৰী মোদীৰ আজিৰ কাৰ্যসূচী আৰু তাৰ পিচত ২২ জানুৱাৰীত ৰাম মন্দিৰৰ অভিষেক কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত অযোধ্যাৰ আশে-পাশে থকা জিলাসমূহৰ আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে । এই জিলাসমূহৰ পৰা অযোধ্যালৈ অহা প্ৰতিখন বাহনৰ তালাচী কৰা হ’ব । ইয়াৰ উপৰিও স্থানীয় চোৰাংচোৱা বাহিনীক প্ৰতিটো তথ্যৰ তাৎক্ষণিকভাৱে সচেতন হৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে । বিশেষ সঞ্চালক প্ৰধান মতে, উত্তৰ প্ৰদেশ এ টি এছ আৰু এছ টি এফেও অযোধ্যাৰ চুবুৰীয়া আটাইকেইখন জিলাৰ ওপৰত চকু ৰাখিছে ।

লগতে পঢ়ক: শনিবাৰে অযোধ্যাত ১৫ হাজাৰ কোটি টকাৰ প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.