ETV Bharat / bharat

PM Modi in UAE: ইউএইৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক; দ্বিপাক্ষিত সম্পৰ্ক শক্তিশালী কৰা সন্দৰ্ভত আলোচনা

author img

By

Published : Jul 15, 2023, 8:38 PM IST

শনিবাৰে UAEত দিনজোৰা ভ্ৰমণসূচীৰে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ তেওঁ ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বহুমুখী দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে ৷

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 15 জুলাই: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ইউএইৰ (UAE) ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বহুমুখী দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে ৷ প্ৰধানমন্ত্ৰী মোদীক UAFৰ ৰাষ্ট্ৰপতি ভৱন ‘কাছৰ আল ৱাতান’ত আনুষ্ঠানিকভাৱে আদৰণি জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

  • It is always gladdening to meet HH Sheikh Mohamed bin Zayed Al Nahyan. His energy and vision for development are admirable. We discussed the full range of India-UAE ties including ways to boost cultural and economic ties. @MohamedBinZayed pic.twitter.com/XCBWW8cP38

    — Narendra Modi (@narendramodi) July 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী UAE ভ্ৰমণৰ মূল কেন্দ্ৰবিন্দু হ’ল শক্তি, খাদ্য সুৰক্ষা আৰু প্ৰতিৰক্ষা আদিৰ দৰে ক্ষেত্ৰসমূহ ৷ ভাৰত আৰু UAEয়ে বাণিজ্য, বিনিয়োগ, শক্তি, খাদ্য সুৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা, প্ৰতিৰক্ষা, সুৰক্ষা আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত কাম কৰি আহিছে ৷

  • This marks a significant stride in our educational internationalisation and is testament to India’s innovation prowess. Education is the bond that unites us, it's the spark that ignites innovation. Together, we will leverage this power for mutual prosperity and global betterment. https://t.co/TFfmSFWzsQ

প্ৰধানমন্ত্ৰী মোদীয়ে সংযুক্ত আৰৱ এমিৰেটত (UAE) 'COP-28'ৰ সভাপতিত্বকালত ভাৰতৰ সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে ৷ লগতে শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে UAEত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন COP-28'ৰ মনোনিত সভাপতি ড৹ চুলতান আল জাবেৰৰ সৈতে আলোচনাত মিলিত হয় ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইট কৰি কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইত অনুষ্ঠিত হ'বলগীয়া COP-28ৰ অধ্যক্ষ আৰু আবু ধাবি নেশ্যনেল অইল কোম্পানীৰ গ্ৰুপৰ চিইঅ’ ড৹ চুলতান আল জাবেৰৰ সৈতে এক ফলপ্ৰসূ বৈঠকত অংশ লয় ৷’’

  • يسعدني دائمًا مقابلة صاحب السمو الشيخ محمد بن زايد آل نهيان. طاقته ورؤيته للتنمية رائعة. ناقشنا النطاق الكامل للعلاقات بين الهند والإمارات العربية المتحدة بما في ذلك سبل تعزيز العلاقات الثقافية والاقتصادية.@MohamedBinZayed pic.twitter.com/Yom2sKv8Sz

ড৹ জাবেৰে প্ৰধানমন্ত্ৰী মোদীক আগন্তুক চিঅ'পি-28 ৰ বিষয়ে অৱগত কৰে । প্ৰধানমন্ত্ৰীয়ে UAEৰ COP-28ৰ সভাপতিত্বৰ সময়ত ভাৰতৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস প্ৰদান কৰে ৷

2023 চনৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন বা UNFC ইউএনএফচিৰ সন্মিলনক চিঅ'পি-28 বুলি জনা যায় ৷ 30 নৱেম্বৰৰ পৰা 12 ডিচেম্বৰলৈ দুবাইত অনুষ্ঠিত হ'ব এই COP-28 । 1992 চনত ৰাষ্ট্ৰসংঘৰ প্ৰথম জলবায়ু চুক্তি স্বাক্ষৰিত হোৱাৰ পিচৰে পৰা এই সন্মিলন বছৰি অনুষ্ঠিত হৈ আহিছে ৷

লগতে পঢ়ক: India UAE economic partnership : ভাৰত আৰু ইউএইৰ অৰ্থনৈতিক অংশীদাৰিত্ব ঐতিহাসিক; ইউএইৰ বৈদেশিক মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.