ETV Bharat / bharat

Maoist menace in Chhattisgarh: ভোটদানৰ দিনটোত ছত্তীশগড়ত নক্সালবাদীৰ আক্ৰমণৰ বাবে কংগ্ৰেছ দায়ী: প্ৰধানমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 4:44 PM IST

"ভূপেশ বাঘেল নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ সময়ত ৰাজ্যখনত মাওবাদী আক্ৰমণৰ বৃদ্ধি হৈছে ৷ যেতিয়াই কংগ্ৰেছ শাসনলৈ আহে, দেশত সন্ত্ৰাসবাদী আৰু নক্সালবাদীৰ সাহস বৃদ্ধি পায় ৷ ৰাজ্যখনত নক্সালবাদৰ উপদ্ৰৱ হ্ৰাস কৰাত চৰকাৰখন ব্যৰ্থ হৈছে ৷"- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Maoist menace in Chhattisgarh
ভোটদানৰ দিনটোত ছত্তিশগড়ত নক্সালবাদীৰ আক্ৰমণৰ বাবে কংগ্ৰেছ দায়ী - প্ৰধানমন্ত্ৰী মোদী

নেশ্যনেল ডেস্ক, 7 নৱেম্বৰ : আজি ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত আছে ৷ ইয়াৰ মাজতে ছত্তীশগড়ৰ দুটাকৈ ভোটকেন্দ্ৰৰ সমীপত গুলীয়াগুলীৰ ঘটনাৰ লগতে আই ই ডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ এই ঘটনাৰ পিচতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত কংগ্ৰেছ চৰকাৰৰ দিনত নক্সালবাদীৰ আক্ৰমণ বৃদ্ধি হৈছে বুলি মন্তব্য প্ৰকাশ কৰি কয় যে, ভূপেশ বাঘেল নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ সময়ত ৰাজ্যখনত মাওবাদী আক্ৰমণৰ বৃদ্ধি হৈছে ৷

মঙলবাৰে বিশ্ৰামপুৰত এক ৰেলীত মোদীয়ে উল্লেখ কৰে যে, যেতিয়াই কংগ্ৰেছ শাসনলৈ আহে, দেশত সন্ত্ৰাসবাদী আৰু নক্সালবাদীৰ সাহস বৃদ্ধি পায় ৷ ৰাজ্যখনত নক্সালবাদৰ উপদ্ৰৱ হ্ৰাস কৰাত চৰকাৰখন ব্যৰ্থ হৈছে ৷ কংগ্ৰেছ চৰকাৰে নক্সাল হিংসা নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে ৷ সাম্প্ৰতিক সময়ত, বহুতো বিজেপি কৰ্মীক নক্সালবাদীক হত্যা কৰিছে ৷ কেইদিনমানৰ পূৰ্বে এজন বিজেপি কৰ্মীক গুলীয়াই হত্যা কৰা হৈছিল ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কংগ্ৰেছৰ শাসনকালত ছত্তীশগড়ৰ সুৰগুজা বিভাগত মানৱ সৰবৰাহ আৰু ড্ৰাগছৰ ব্যৱসায় বৃদ্ধি হৈছে ৷ দেশৰ ভগ্নী আৰু কন্যাসকলক অপৰাধীয়ে লক্ষ্য কৰি লৈছে ৷ জনজাতীয় পৰিয়ালৰ বহুতো যুৱতী সন্ধানহীন হৈছে ৷ কিন্তু কংগ্ৰেছ নেতাসকলৰ ওচৰত ইয়াৰ কোনো উত্তৰ নাই ৷ কংগ্ৰেছৰ তোষণৰ নীতিৰ বাবে ছত্তীশগড়ৰ সুৰগুজা অঞ্চলত উৎসৱ উদযাপন কৰিবলৈও ভয় কৰা হৈছে ৷

"কোনোবাই ভাবিছিল নেকি 'আদিবাসী' পৰিয়ালৰ পৰা অহা এগৰাকী মহিলা ভাৰতৰ ৰাষ্ট্ৰপতি হ’ব পাৰে? আপুনি কল্পনা কৰিব নোৱাৰে দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদত মনোনীত কৰাৰ সময়ত কংগ্ৰেছে কিমান বাধা দিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু বিজেপিয়েই তেওঁৰ সন্মান নিশ্চিত কৰিছিল ৷ যেতিয়া কেন্দ্ৰত কংগ্ৰেছে শাসনত আছিল, তেতিয়া তেওঁলোকে আদিবাসীসকলৰ বাবে ধন খৰচ কৰাটো এক অপচয় বুলি ভাবিছিল ৷" প্ৰধানমন্ত্ৰী মোদীয়ে এই মন্তব্য সদৰী কৰে ৷

লগতে মোদীয়ে কয় যে, বিজেপি নে বনায় হে, বিজেপি হি চাৱেৰ্গি" (বিজেপি গঠন হৈছে যেতিয়া, এতিয়া আমিয়েই ৰাজ্যখনত সকলোবোৰ ভাল কৰিম)। অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত বিজেপিয়ে ছত্তীশগড়ত চৰকাৰ গঠন কৰিছিল ৷

লগতে পঢ়ক: ISIS Module Plan Serial Blast : ISIS মডিউল গোচৰ সন্দৰ্ভত অভিযোগপত্ৰ দাখিল NIA ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.