ETV Bharat / bharat

PM Modi US Visit : আমেৰিকালৈ উৰা মাৰিল প্ৰধানমন্ত্ৰী মোদী - Full details date time meetings PM Modi US trip

চাৰি দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ যাত্ৰা আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ মঙলবাৰে পুৱাই টুইটযোগে দেশবাসীক যাত্ৰাৰ বতৰা দিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

PM Modi US Visit
PM Modi US Visit
author img

By

Published : Jun 20, 2023, 8:27 AM IST

নেশ্যনেল ডেস্ক, 20 জুন: মঙলবাৰে আৰম্ভ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ ৷ পুৱাই আমেৰিকালৈ ৰাওনা হোৱাৰ কথা টুইটযোগে সদৰী কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ 21 জুনৰ পৰা 24 জুনলৈকে আমেৰিকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ দিল্লীৰ পৰা ৰাওনা হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ প্ৰস্থান বাৰ্তাত কয় যে তেওঁৰ ভ্ৰমণে আমেৰিকাৰ সৈতে সম্পৰ্ক অধিক বৃদ্ধি কৰিব ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে লিখিছে, ‘‘আমেৰিকালৈ ৰাওনা হৈছো, য'ত মই নিউয়ৰ্ক চহৰ আৰু ৱাশ্বিংটন ডিচিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিম । এই কাৰ্যসূচীবোৰৰ ভিতৰত আছে যোগ দিৱস উদযাপন ৷’’

  • Leaving for USA, where I will attend programmes in New York City and Washington DC. These programmes include Yoga Day celebrations at the @UN HQ, talks with @POTUS @JoeBiden, address to the Joint Session of the US Congress and more. https://t.co/gRlFeZKNXR

    — Narendra Modi (@narendramodi) June 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে লিখিছে, ‘‘আমেৰিকা যুক্তৰাষ্ট্ৰত মই ব্যৱসায়িক নেতাসকলক লগ কৰাৰ, ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বাৰ্তালাপ কৰাৰ আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ চিন্তাধাৰাৰ নেতাসকলক লগ কৰাৰ সুযোগ পাম ৷ আমি বাণিজ্য, উদ্ভাৱন, প্ৰযুক্তি আৰু এনে ধৰণৰ অন্যান্য ক্ষেত্ৰত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক গভীৰ কৰিব বিচাৰো ৷’’

২২ জুনত প্ৰধানমন্ত্ৰী মোডীয়ে ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচত ৰাষ্ট্ৰপতি জু’ বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ দ্বাৰা আয়োজিত এক নৈশ আহাৰত অংশ ল’ব ৷ লগতে তেওঁ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত যোগ দিৱস উদযাপনত অংশগ্ৰহণ কৰিব ৷

প্ৰধানমমন্ত্ৰীগৰাকীয়ে ৱাশ্বিংটন ডিচিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ (US Congress) যুটীয়া অধিৱেশনতো অংশগ্ৰহণ কৰিব আৰু সদস্যসকলক সম্বোধন কৰিব ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামা আৰু ডনাল্ড ট্ৰাম্পক হোৱাইট হাউচত সাক্ষাৎ কৰিছিল ৷ অৱশ্যে, সেয়া ৰাজকীয় ভ্ৰমণ নাছিল ৷ আনহাতে এয়া ভাৰতৰ পৰা আমেৰিকালৈ তৃতীয় ৰাজকীয় ভ্ৰমণ ৷

লগতে পঢ়ক: Manipur violence: আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি অশান্তি নিৰ্মূলৰ আশ্বাস এন বীৰেণ সিঙৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.