ETV Bharat / bharat

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ - নিৰ্বাচনী ইস্তাহাৰ

PM Modi congratulates Sheikh Hasina: বাংলাদেশত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্বেখ হাছিনাই পঞ্চমবাৰৰ প্ৰধানমন্ত্ৰী পদত জয়লাভ কৰাৰ পিচতেই শ্বেখ হাছিনালৈ শুভেচ্ছা জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

PM Modi congratulates Sheikh Hasina
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ
author img

By ANI

Published : Jan 9, 2024, 10:39 AM IST

নেশ্যনেল ডেস্ক, 9 জানুৱাৰী : দেওবাৰে বাংলাদেশত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত জয়লাভ কৰি শ্বেখ হাছিনাই একেৰাহে চতুৰ্থবাৰ তথা পঞ্চমবাৰৰ প্ৰধানমন্ত্ৰী পদত নিৰ্বাচিত হয় ৷ এই ঐতিহাসিক জয়ৰ পিচতে শ্বেখ হাছিনালৈ শুভেচ্ছা জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ জনসাধাৰণক এক সফল নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷ বাংলাদেশৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে হাছিনা ।

ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে প্ৰধানমন্ত্ৰী মোদীয়ে লিখে যে, "প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সংসদীয় নিৰ্বাচনত একেৰাহে চতুৰ্থবাৰৰ বাবে ঐতিহাসিকভাৱে জয়লাভ কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। নিৰ্বাচন সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে মই বাংলাদেশৰ জনসাধাৰণকো অভিনন্দন জনাইছো।"

লগতে বাংলাদেশৰ সৈতে অংশীদাৰীত্ব অধিক শক্তিশালী কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বাংলাদেশৰ সৈতে আমাৰ স্থায়ী আৰু জনকেন্দ্ৰিক অংশীদাৰীত্ব অধিক শক্তিশালী কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ৷"

পৰৱৰ্তী সময়ত শ্বেখ হাছিনাই ঢাকাত থকা তেওঁৰ বাসগৃহ গণভৱনত এক সংবাদমেল সম্বোধন কৰি কয়, "ভাৰত বাংলাদেশৰ এক মহান বন্ধু। তেওঁলোকে 1971আৰু 1975 চনত আমাক সমৰ্থন কৰিছিল । আমি ভাৰতক আমাৰ ওচৰৰ চুবুৰীয়া ৰাষ্ট্ৰ বুলি গণ্য কৰোঁ । ভাৰতৰ সৈতে আমাৰ এক সুন্দৰ সম্পৰ্ক আছে।"

প্ৰধানমন্ত্ৰী হাছিনাই 1971 চনত বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত ভাৰতৰ সমৰ্থনৰ ঐতিহাসিক তাৎপৰ্য আৰু 1975 চনত ৰাষ্ট্ৰখনে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ দুয়োখন দেশৰ মাজত স্থায়ী বন্ধুত্বক প্ৰশংসা কৰে ৷

"অহা 5 বছৰত আমাৰ মুখ্য লক্ষ্য হ'ব অৰ্থনৈতিক প্ৰগতি আৰু আমি আৰম্ভ কৰা সকলো কাম পূৰণ কৰা । আমি ইতিমধ্যে আমাৰ ইস্তাহাৰ ঘোষণা কৰিছো, আৰু যেতিয়াই আমি আমাৰ বাজেট প্ৰস্তুত কৰোঁ আৰু আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰোঁ ৷ তেতিয়াই আমি আমাৰ নিৰ্বাচনী ইস্তাহাৰ অনুসৰণ কৰোঁ। জনসাধাৰণ আৰু আমাৰ দেশৰ উন্নয়ন আমাৰ মুখ্য লক্ষ্য," শ্বেখ হাছিনাই লগতে কয়।

লগতে পঢ়ক: ঋষিকেশত পথ দুৰ্ঘটনাত মৃত্যু বন বিষয়াসহ তিনিজনৰ; দুজন সন্ধানহীন; আহত 6

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.