নিউজ ডেস্ক, 15 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নায়কৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লয় ৷
উল্লেখ্য যে, এক পথ দুৰ্ঘটনাত পতিত হৈ আহত হৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ ইয়াৰ পাছতে গোৱা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চলি আছে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নায়কৰ চিকিৎসা ৷ উক্ত দুৰ্ঘটনাতে মৃত্যু হৈছিল কেন্দ্ৰীয় মন্ত্ৰী নায়কৰ পত্নী তথা আন এগৰাকী ব্যক্তিগত সহযোগীৰ ৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ ফালৰ জনোৱা হয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীপদ নায়কৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে ৷ তদুপৰি উপ-ৰাষ্ট্ৰপতি ভেংকয়া নায়ডুৱে হাস্পতালত উপস্থিত হৈ চিকিৎসাধীন হৈ থকা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় ৷
ইফালে গোৱা চিকিৎসা মহাবিদ্যালয় হাস্পতাল কতৃপক্ষই বৃহস্পতিবাৰে বিয়লি এক বিবৃতিত কৈছিল যে, কেন্দ্ৰীয় মন্ত্ৰী নায়কৰ স্বাস্থ্যৰ অৱস্থা পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে ৷ বৰ্তমান দিল্লীৰ এইমচৰ চিকিৎসকৰ এটা দলে নায়কৰ চিকিৎসাৰ তত্ত্বাবধান ৰাখি আছে ৷
লগতে পঢ়ক : সৈনিক দিৱসত প্ৰথমবাৰলৈ সেনাৰ ড্ৰোণ অভিযানৰ প্ৰদৰ্শন