ETV Bharat / bharat

Swaminarayan Gurukul Amrit Mahotsav : উত্তৰ পূবৰ যুৱ প্ৰতিভাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Dec 24, 2022, 5:34 PM IST

অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰতিভাৰ বিশেষ উল্লেখ । অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গুৰুকুলৰ ১৫ গৰাকী শিশু উত্তৰ-পূৰ্বাঞ্চললৈ গৈছে আৰু তাত থকা লোকসকলক লগ কৰি অঞ্চলটোৰ বিষয়ে জ্ঞান অৰ্জন কৰিছে । তাৰ পৰাই জানিব পৰা গৈছে যে উত্তৰ-পূৰ্বাঞ্চলত কিমান যুৱ প্ৰতিভা আছে । উল্লেখ্য, ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে স্বামী নাৰায়ণ গুৰুকুল ৰাজকোট সংস্থানৰ ৭৫ সংখ্যক অমৃত মহোৎসৱত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ৰাজকোটৰ সন্ত ধৰ্মজীৱানন্দ স্বামীয়ে ১৯৪৮ চনত এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল (PM Modi appreciated north east youths) ।

Modi
Modi

নিউজ ডেস্ক, ২৪ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে স্বামী নাৰায়ণ গুৰুকুল ৰাজকোট সংস্থানৰ ৭৫ সংখ্যক 'অমৃত মহোৎসৱ'ত ভাষণ আগবঢ়ায় (PM Modi Addressed Amrit Mahotsav) । তেওঁ কয়, "ৰাজকোট গুৰুকুলৰ এই ৭৫ বছৰীয়া যাত্ৰাৰ বাবে মই আপোনালোক সকলোকে হৃদয়েৰে অভিনন্দন জনাইছোঁ । এই প্ৰতিষ্ঠানটোৰ ভৱিষ্যৎ আৰু ভাল হ'ব আৰু সেৱা খণ্ডলৈ তেওঁলোকৰ অৱদান অতুলনীয় হ'ব (Amrit Mahotsav Of Swaminarayan Gurukul) ।"

ভাষণ প্ৰসংগত তেওঁ বিশেষভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাশালী যুৱক-যুৱতীৰ কথা উল্লেখ কৰে (PM Modi appreciated north east youths) । প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিষ্ঠানটোৱে স্বাস্থ্যসেৱা, শিক্ষা আৰু সমাজ সেৱাৰ অন্যান্য দিশৰ দৰে ক্ষেত্ৰত প্ৰশংসনীয় কাম কৰি আছে । এই গুৰুকুলৰ ১৫ গৰাকী শিশু উত্তৰ-পূৰ্বাঞ্চললৈ গৈ অঞ্চলটোৰ লোকসকলক লগ কৰে আৰু অঞ্চলটোৰ বিষয়ে জ্ঞান অৰ্জন কৰে । ইয়াৰ দ্বাৰাই প্ৰতিপন্ন হ'ব যে উত্তৰ-পূৰ্বাঞ্চলত কিমান প্ৰতিভাশালী যুৱ আছে (75th Amrit Mahotsav Of Swaminarayan Gurukul) ।

প্ৰধানমন্ত্ৰীয়ে কয়, "ভগৱান স্বামী নাৰায়ণৰ নাম কেৱল স্মৰণ কৰিলেই মোক শক্তিৰে উপচাই পেলায় । এই উপলক্ষত আপোনালোকৰ অনন্য উপস্থিতিৰ দ্বাৰা মই ধন্য অনুভৱ কৰিছোঁ । গুৰুকুলৰ প্ৰতি পূজ্য ধৰ্মজীৱন দাসজী স্বামীজীৰ কৃপাদৃষ্টি আছে । ইয়াত আধ্যাত্মিকতা আৰু আধুনিকতাৰ পৰা সংস্কৃতি তথা ৰীতি-নীতিলৈকে সকলো আছে । দেশৰ স্বাধীনতাৰ পিছত শিক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰাচীন আৰু মহান গৌৰৱ পুনৰুজ্জীৱিত কৰাটো আমাৰ সকলোৰে দায়িত্ব আছিল । স্বামী নাৰায়ণ গুৰুকুল এই গৌৰৱৰ এক ডাঙৰ উদাহৰণ ।"

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, স্বামী নাৰায়ণ গুৰুকুলে ৰাজকোটত ইয়াৰ যাত্ৰাৰ ৭৫ বছৰ এনে এক সময়ত সম্পূৰ্ণ কৰিছে, যেতিয়া দেশখনে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছে । এই গুৰুকুলে শিক্ষাৰ্থীসকলৰ মন আৰু মগজুত ভাল চিন্তা আৰু মূল্যবোধ গঢ়ি তুলিছে ৷ যাতে তেওঁলোকে সৰ্বাঙ্গীণ বিকাশ লাভ কৰিব পাৰে । পূৰ্বৰ চৰকাৰৰ দাসত্বমূলক মানসিকতাই তেওঁলোকক কেতিয়াও আমাৰ মহান শিক্ষা ব্যৱস্থাক মহিমামণ্ডিত কৰিবলৈ অনুমতি দিয়া নাছিল । আমাৰ শিক্ষক আৰু সাধুসকলে স্বামী নাৰায়ণ গুৰুকুলত আমাৰ পৰম্পৰা আৰু মূল্য-আধাৰিত শিক্ষা প্ৰদান কৰাৰ দায়িত্ব লৈছে ।

মোদীৰ সংযোজন, বৰ্তমান এই সংগঠনটোৰ দেশ তথা বিদেশত 40 টাতকৈও অধিক শাখা আছে । প্ৰতিষ্ঠানটোৰ দ্বাৰা পৰিচালিত বিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানত 25,000-ৰো অধিক শিক্ষাৰ্থীয়ে অধ্যয়ন কৰে । অতীজত বিশ্বৰ আন দেশবোৰক তেওঁলোকৰ ৰাজ্য আৰু ৰাজবংশৰ দ্বাৰা চিনাক্ত কৰা হৈছিল । সেই সময়ত ভাৰতভূমিৰ গুৰুকুলসকলৰ সৈতে ভাৰতক চিনাক্ত কৰা হৈছিল । আৱিষ্কাৰ আৰু গৱেষণা ভাৰতৰ জীৱনশৈলীৰ অংশ আছিল । নালন্দা আৰু তক্ষশীলাৰ দৰে বিশ্ববিদ্যালয়বোৰ আমাৰ গুৰুকুল পৰম্পৰাৰ বিশ্বব্যাপী গৌৰৱৰ সমাৰ্থক আছিল । সেইবোৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বাবে এক পথপ্ৰদৰ্শক আছিল ।

নিজৰ ভাষণ প্ৰসংগত মোদীয়ে কয়, "আজি আমি ভাৰতৰ যি সাংস্কৃতিক সমৃদ্ধিৰ ফলাফল দেখা পাইছোঁ, সেয়া ইয়াৰেই পৰিণাম । খুব কমসংখ্যক লোকেহে জানে যে স্বামী নাৰায়ণ গুৰুকুলৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলে মাচুল হিচাপে প্ৰতিদিনে মাত্ৰ এটকা পৰিশোধ কৰিব লাগে । ই দৰিদ্ৰ লোকৰ বাবে মানবিশিষ্ট শিক্ষা উপলব্ধ কৰায় । যেতিয়া বিশ্বত লিংগ সমতাৰ দৰে শব্দৰ জন্মই হোৱা নাছিল, গাৰ্গী আৰু মৈত্ৰেয়ীৰ দৰে পণ্ডিতসকলে আমাৰ দেশত জ্ঞানৰ চৰ্চা কৰি আছিল । আত্ৰেয়ীয়ে মহৰ্ষি বাল্মীকিৰ আশ্ৰমতো অধ্যয়ন কৰিছিল । মই সুখী যে স্বামী নাৰায়ণ গুৰুকুলে আধুনিক ভাৰতত এই প্ৰাচীন পৰম্পৰাক আগুৱাই নিয়াৰ বাবে 'কন্যা গুৰুকুল' আৰম্ভ কৰিছে । ইয়াৰ বাবে মই আপোনালোক সকলোকে শুভকামনা জনাইছোঁ ।"

লগতে পঢ়ক :Zoo at Tingkhong: টিংখাঙত ২৫০ কোটি টকাৰে নিৰ্মাণ হ’ব চিৰিয়াখানা : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.