ETV Bharat / bharat

Special Session of Parliament: বিশেষ অধিবেশনৰ প্ৰথম দিনটোতে প্ৰধানমন্ত্ৰীয়ে লোকসভাত ভাষণ প্ৰদানৰ সম্ভাৱনা - Special Session of Parliament live update

সংসদৰ বিশেষ অধিবেশনৰ আজি প্ৰথমটো দিন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভাক সম্বোধন কৰাৰ সম্ভাৱনা আছে । মঙলবাৰৰ পৰা নতুন সংসদ ভৱনত সংসদীয় কাৰ্যকলাপ আৰম্ভ হ'ব ।

Special Session of Parliament
অধিবেশনৰ প্ৰথম দিনটোতে প্ৰধানমন্ত্ৰীয়ে লোকসভাত ভাষণ প্ৰদানৰ সম্ভাৱনা
author img

By ANI

Published : Sep 18, 2023, 10:31 AM IST

নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ : সংসদৰ বিশেষ অধিবেশন সোমবাৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ'ব । ৫ দিনীয়াকৈ হ'বলগীয়া এই অধিবেশনক লৈ বিভিন্ন মহলত জল্পনা কল্পনা চলি আছে । সূত্ৰৰ মতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদৰ বিশেষ অধিবেশনত লোকসভাত ভাষণ প্ৰদান কৰিব । প্ৰধানমন্ত্ৰীগৰাকীয়ে নিম্ন সদনত পুৱা ১১ বজাত ভাষণ দিয়াৰ সম্ভাৱনা আছে ।

সংসদৰ ৫ দিনীয়া বিশেষ অধিবেশন সোমবাৰে পুৰণি সংসদ ভৱনৰ পৰাই আৰম্ভ হ'ব যদিও সংসদীয় কাৰ্যক্ৰম ১৯ ছেপ্টেম্বৰত নতুন অত্যাধুনিক ভৱনলৈ স্থানান্তৰিত হ'ব । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দেওবাৰে কয় যে অধিবেশনৰ সময়ছোৱাত ৫ খন বৈঠক অনুষ্ঠিত হ'ব । এই অধিবেশনত ৮ টা আইনী বিষয় গ্ৰহণ কৰাৰো সম্ভাৱনা আছে ।

পুৰণি সংসদ ভৱনৰ বিভিন্ন বিষয় আৰু ইয়াৰ ঐতিহাসিক যাত্ৰাৰ বিষয়ে আলোচনা কৰা হ'ব । ৭৫ বছৰীয়া সংসদীয় যাত্ৰা, ইয়াৰ সাফল্য, অভিজ্ঞতা, স্মৃতি আৰু শিক্ষা আদি আলোচনা কৰা হ'ব । দেওবাৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে নতুন সংসদ ভৱনৰ 'গজ দ্বাৰ'ৰ ওপৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । অনুষ্ঠানটোত লোকসভাৰ অধ্যক্ষ ওম বিৰলাও উপস্থিত থাকে । ইফালে সংসদৰ এই বিশেষ অধিবেশন ২২ ছেপ্টেম্বৰলৈ চলিব ।

চৰকাৰে যোৱা সপ্তাহত বিশেষ অধিবেশনৰ কাৰ্যসূচী ঘোষণা কৰিছিল । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী যোশীয়ে সংসদৰ দুয়োখন সদনৰ সুশৃংখল কাৰ্যকলাপৰ বাবে সক্ৰিয় সহযোগিতা আৰু সমৰ্থনৰ বাবে সকলো পক্ষক অনুৰোধ জনায় ।

ইফালে সংসদত ৰাজনৈতিক দলসমূহৰ নেতাৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰলীধৰণ আৰু ৩৪ টা দলৰ ৫১ গৰাকী নেতাকে ধৰি বিভিন্ন মন্ত্ৰী উপস্থিত থাকে ।

মন্ত্ৰী যোশীয়ে নেতাসকলক কোৱা মতে ১৯ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা ১০.৪৫ বজালৈ ফটো ছেছন অনুষ্ঠিত হ'ব । তাৰ পাছত পুৱা ১১ বজাত কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এক অনুষ্ঠানৰ আয়োজন কৰা হ'ব য'ত ৰাজ্য সভা উপ-সভাপতি/অধ্যক্ষ, প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ, ৰাজ্যসভাৰ সদনৰ নেতা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী, ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা আৰু লোকসভাৰ সৰ্ববৃহৎ বিৰোধী দলৰ নেতা আৰু সংসদৰ দুয়োখন সদনৰ সদস্যসকল উপস্থিত থাকিব । এই অনুষ্ঠান সমাপ্ত হোৱাৰ পাচত দুয়োখন সদনে নতুন সংসদ ভৱনত তেওঁলোকৰ নিজ নিজ চেম্বাৰত মিলিত হ'ব ।

লগতে পঢ়ক :Parliament Special Session 2023: মঙলবাৰৰ পৰা নতুন ভৱনত সংসদৰ বিশেষ অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.