ETV Bharat / bharat

নিৰ্বাচনী প্ৰচাৰৰ সময়তো মাস্ক পৰিধান বাধ্যতামূলক : দিল্লী উচ্চ ন্যায়ালয়

author img

By

Published : Apr 8, 2021, 1:56 PM IST

মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জছমিত সিঙৰ বিচাৰপীঠে কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগক জাননী জাৰি কৰি উত্তৰ প্ৰদেশৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান বিক্ৰম সিং আৰু থিংক টেংক চেণ্টাৰ ফৰ একাউণ্টেবিলিটি এণ্ড চিষ্টেমিক চেঞ্জ (চিএএচচি) ৰ অধ্যক্ষৰ পৰা মাস্ক পৰিধান কৰা বাধ্যতামূলক আবেদনৰ সঁহাৰি বিচাৰিছে ।

নিৰ্বাচনী প্ৰচাৰৰ সময়তো মাস্ক পৰিধান বাধ্যতামূলকঃ দিল্লী উচ্চ ন্যায়ালয়

নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল: নিৰ্বাচনী প্ৰচাৰৰ সময়তো মাস্ক পৰিধান কৰিব লাগিব । মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা । বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে পাঁচখন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ সময়ত মাস্ক পৰিধীন কৰাটো বাধ্যতামূলক কৰা এক আবেদনৰ শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগক জাননী জাৰি কৰে । মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জছমিত সিঙৰ বিচাৰপীঠে কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগক জাননী জাৰি কৰি উত্তৰ প্ৰদেশৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান বিক্ৰম সিং আৰু থিংক টেংক চেণ্টাৰ ফৰ একাউণ্টেবিলিটি এণ্ড চিষ্টেমিক চেঞ্জ (চিএএচচি) ৰ অধ্যক্ষই দাখিল কৰা আবেদনৰ স্থিতি বিচাৰিছে ।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত ক'ভিডৰ সকলো নীতি-নিয়ম উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰত নামি পৰাত যোৱা ৩০ এপ্ৰিলত জনোৱা এক আবেদনৰ ভিত্তিত এই জাননী জাৰি কৰে ন্যায়ালয়ে । দেশত পুনৰ ক'ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে দিল্লী উচ্চ ন্যায়ালয়ে । সিঙৰ হৈ ন্যায়ালয়ত উপস্থিত থকা অধিবক্তা বিৰাগ গুপ্তাই বিচাৰপীঠক নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনৰ সময়ত মাস্ক পৰিধান কৰাটো আৰু সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক কৰিবৰ বাবে ডিজিটেল, প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে সজাগতা সৃষ্টি কৰিব লাগে বুলি কয় ।

লগতে পঢ়ক: বিধানসভাৰ সদস্যপদ হেৰুৱাব পাৰে মুখতাৰ আনছাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.