ETV Bharat / bharat

দেশবাসীলৈ 88 টা ৰে’ল প্ৰকল্প উপহাৰ পীযুষ গোৱেলৰ

author img

By

Published : Feb 22, 2021, 9:09 AM IST

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীযুষ গোৱেলে মুকলি কৰিব প্ৰায় 88 টাকৈ ৰে’ল প্ৰকল্প ৷ ইয়াৰ বাবে ব্যয় কৰা হ’ব প্ৰায় 1,000 কোটি টকা ৷ দেশবাসীলৈ এই উপহাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী গৰাকীয়ে ৷ গোৱেলে কেৰালা, তামিলনাডু, মধ্যপ্ৰদেশ, পশ্চিমবংগ আৰু কৰ্ণাটকৰ বিভিন্ন ৰে’ল ষ্টেচনৰ সুবিধাৰ বাবে এই আঁচনি ঘোষণা কৰে ৷

Piyush Goyal dedicates 88 Railway projects to nation
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীযুষ গোৱেল

নতুন দিল্লী,22 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীযুষ গোৱেলে কেৰালা, তামিলনাডু, মধ্যপ্ৰদেশ, পশ্চিমবংগ আৰু কৰ্ণাটকৰ বিভিন্ন ৰে’ল ষ্টেচন কৰ্তৃপক্ষৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হোৱা এক বৈঠকত ৰাইজৰ সুবিধাৰ্থে নতুন আঁচনিৰ ঘোষণা কৰে ৷

88 টা ৰে’ল প্ৰকল্প দেশবাসীলৈ উপহাৰ

প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুযায়ী 1,000 কোটি টকা ব্যয় সাপেক্ষে 88 টাকৈ নতুন ৰে’ল প্ৰকল্প মুকলি কৰিব ৰে’লমন্ত্ৰী পীযুষ গোৱেলে ৷ কেৰালাত ৰে’ল প্ৰকল্প উদ্বোধন কৰি মোডীয়ে কয় যে, দেশৰ সংযোগ তথা যাতায়াত ব্যৱস্থা উন্নত কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কেৰালাৰ ৰে’ল সেৱা উন্নীতকৰণ কৰিবলৈ ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰে এই সুবিধা অন্তৰ্ভুক্ত কৰা হ’ব বুলি গোৱেলে প্ৰকাশ কৰে ৷ কেৰালাৰ ক্ষেত্ৰত বিগত দহ বছৰৰ তুলনাত এই প্ৰকল্পৰ বাজেট অধিক হ’ব ৷ পৰৱৰ্তী সময়ত বিশেষকৈ এক-ডেৰ মাহৰ ভিতৰত সমগ্ৰ কেৰালা ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা হ’ব ৷

কেৰালাত পদপথৰ অভাৰব্ৰীজ

কেৰালাত নিৰ্মাণ কৰা হ’ব ফুট অভাৰব্ৰীজ ৷ কোল্লম,কুণ্ডাৰা আৰু কৌচুভেলীত মুঠ 9.56 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এই পদপথৰ অভাৰব্ৰীজ সমূহ ৷ অতিকৈ ব্যস্ত ষ্টেচন এলেকাত জন সাধাৰণৰ ভিৰৰ মাত্ৰা হ্ৰাস কৰাৰ উদ্দেশ্যে এই পদপথৰ অভাৰব্ৰীজ সমূহ মুকলি কৰা হ’ব ৷

কেৰালাত নিৰ্মাণ কৰা হ’ব ফুট অভাৰব্ৰীজ ৷ কোল্লম, কুণ্ডাৰা আৰু কৌচুভেলীত মুঠ 9.56 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এই পদপথৰ অভাৰব্ৰীজ সমূহ ৷ অতিকৈ ব্যস্ত ষ্টেচন এলেকাত জন সাধাৰণৰ ভিৰৰ মাত্ৰা হ্ৰাস কৰাৰ উদ্দেশ্যে এই পদপথৰ অভাৰব্ৰীজ সমূহ মুকলি কৰা হ’ব ৷ এই অভাৰব্ৰীজসমূহত থাকিব লিফটৰ ব্যৱস্থা ৷ 1.60 কোটি টকা ব্যয় হ’ব এই লিফট স্থাপনত ৷

মধ্য প্ৰদেশৰ ৰে’ল প্ৰকল্প

মধ্য প্ৰদেশত ৰে’ল প্ৰকল্প মুকলি কৰাৰ পিছত গোৱেলে ঘোষণা কৰে যে, 2021-22 বৰ্ষৰ বাজেটত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰে’ল প্ৰকল্প সন্দৰ্ভত পুঁজিৰ ঘোষণা কৰিছিল ৷ ৰাজ্যখনৰ ৰে’ল ক্ষেত্ৰত ভিন্ন আঁচনিৰ বাবে আৱণ্টিত কৰা হৈছে 7.700 কোটি টকা ৷

বিশেষভাৱে সক্ষম, বৃদ্ধ আৰু ৰোগীসকলক সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে গোৱালিয়ৰ ৰে’ল ষ্টেচনৰ 1,2,3 আৰু 4 নং প্লেটফৰ্মত তিনিটাকৈ লিফট সংলগ্ন কৰা হৈছে ৷ যাৰ মূল্য প্ৰায় 92 লাখ টকা ৷

ৰতলাম-চিত্তোৰগড় ৰে’লখণ্ডৰ বৈদ্যুতিকৰণ

বৰ্তমান প্ৰায় 189.46 কিল’মিটাৰ ৰে’লপথত ডিজেল চালিত ৰে’লৰ চলাচল অব্যাহত আছে ৷ যাৰ ফলত অধিক সময়ৰ প্ৰয়োজন হৈছে ৷ এই খণ্ড এতিয়া বৈদ্যুতিকৰণ কৰা হ’ব ৷ যাৰ ফলত ইন্ধন আৰু সময় দুয়োটাই ৰাহি হ’ব ৷ তদুপৰি ইন্ধনৰ নামত বছৰেকত খৰচ হোৱা প্ৰায় 27.54 কোটি টকা ৰাহি হ’ব ৷

লগতে চাওকঃ আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.