ETV Bharat / bharat

ক’ভিড সম্পৰ্কত চৰকাৰৰ স্থিতি স্পষ্টৰ নিৰ্দেশ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ

author img

By

Published : May 25, 2021, 12:52 PM IST

ত্ৰিপুৰা চৰকাৰক মহামাৰীৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজিবলৈ ৰাজ্যখনে চলোৱা প্ৰস্তুতি সন্দৰ্ভত এসপ্তাহৰ ভিতৰত জবাবদিহি হোৱাকৈ জাননী প্ৰদান কৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৷ অধিবক্তা ভাস্কৰ দেৱবৰ্মাৰ দ্বাৰা দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৷

pil-on-covid-management-tripura-hc-serves-notice-to-state-government
ক’ভিডৰ প্ৰস্তুতি সম্পৰ্কে ৰাজ্য চৰকাৰৰ স্থিতি বিচাৰিলে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে

আগৰতলা,25 মে’: ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে সোমবাৰে ত্ৰিপুৰা চৰকাৰক মহামাৰীৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজিবলৈ ৰাজ্যখনে চলোৱা প্ৰস্তুতি সন্দৰ্ভত এসপ্তাহৰ ভিতৰত জবাবদিহি হোৱাকৈ এখন জাননী প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে, মুখ্য ন্যায়াধীশ এ কুৰেশ্বী আৰু ন্যায়াধীশ এছ তালাপাত্ৰৰ বিচাৰপীঠে অধিবক্তা ভাস্কৰ দেৱবৰ্মাৰ দ্বাৰা দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰে ৷ অভিযোগকাৰীৰ হৈ উপস্থিত থকা অধিবক্তা ৰুমেলা গুহে কয়, "আমি আমাৰ মোকৰ্দমাৰ জৰিয়তে তিনিটা বিষয় উত্থাপন কৰিছো । ইয়াৰে প্ৰথমটো বিষয় হৈছে, স্থানীয় ট্ৰাইজ প্ৰণালীৰ ব্যৱহাৰ ।

উল্লেখ্য যে, মুম্বাইৰ বিএমচিত ক’ভিড আক্ৰান্ত ৰোগীসকলৰ স্বাস্থ্যৰ স্থিতি সাপেক্ষে তেওঁলোকৰ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে এক ট্ৰাইজ প্ৰণালী প্ৰস্তুত কৰা হৈছে । দিল্লীত এই প্ৰণালী সঠিক ৰূপায়ণৰ অভাৱত ব্যৰ্থ হৈছে ৷ কিন্তু ট্ৰাইজ প্ৰণালীৰ সঠিক ৰূপায়ণৰ ফলত মুম্বাইত সংক্ৰমণৰ সংখ্যা হ্ৰাস হ'বলৈ আৰম্ভ হৈছে" ৷

পৰৱৰ্তী দুটা বিষয়ত অধিবক্তা গৰাকীয়ে কয় যে, আবেদনকাৰী ভাস্কৰ দেৱবৰ্মাই অক্সিজেন, ঔষধ, সঁজুলি, ভেণ্টিলেটৰ আৰু অন্যান্য লাগতিয়াল সামগ্ৰীৰ উপলব্ধতা সম্পৰ্কে ৰাজ্য চৰকাৰৰ পৰা জানিব বিচাৰিছে । আনহাতে, আদালতে আবেদনখনৰ শুনানিৰ পিছত ৰাজ্য চৰকাৰক জাননী জাৰি কৰি এসপ্তাহৰ ভিতৰত উত্তৰ প্ৰদানৰ নিৰ্দেশ দিয়ে ।

অধিবক্তা গৰাকীয়ে লগতে জনায় যে, সকলো ক’ভিড-19 সম্পৰ্কীয় আবেদন একত্ৰিত কৰা হৈছে আৰু এসপ্তাহৰ পিছত শুনানি ৰখাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে । ইফালে গুহৰ উপৰিও অধিবক্তা নীহাৰিকা শৰ্মা, ধ্ৰুবজ্যোতি সাহা, মৃণ্ময় দেৱনাথ অভিযোগকাৰী দেৱবাৰ্মাৰ হৈ উপস্থিত আছিল । আনহাতে, অধিবক্তা জেনেৰেল সিদ্ধাৰ্থ শংকৰ দে-এ ৰাজ্য চৰকাৰৰ পক্ষত ওকালতিৰ দায়িত্ব পালন কৰে ।

লগতে পঢ়ক : য়াছৰ ফলত ওড়িশা-পশ্চিমবংগৰ সীমান্তত ভূমিস্খলনৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.