ETV Bharat / bharat

চলিত বৰ্ষত 26 বাৰলৈকে ইন্ধনৰ মূল্যবৃদ্ধি - খাৰুৱা তেলৰ মূল্য সালসলনি হোৱা স্বত্বেও ইন্ধনৰ মূল্য অপৰিৱৰ্তিত

শনিবাৰৰ দিনটোত দেশৰ ৰাজধানী চহৰত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯১.১৭ টকা আৰু ডিজেলৰ মূল্য ৮১.৪৭ টকা । ফেব্ৰুৱাৰীৰ আৰম্ভণিৰ পৰা খাৰুৱা তেলৰ প্ৰতি বেৰেলত ৭ ডলাৰতকৈ অধিক বৃদ্ধি পাইছে যাৰ ফলত তেল কোম্পানীসমূহে ১৪ বাৰকৈ ইন্ধনৰ মূল্য বৃদ্ধি কৰিছে ।

খাৰুৱা তেলৰ মূল্য সালসলনি হোৱা স্বত্বেও ইন্ধনৰ মূল্য অপৰিৱৰ্তিত

author img

By

Published : Mar 13, 2021, 3:56 PM IST

নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ তাৰতম্য হৈছে যদিও ভাৰতত ইন্ধনৰ মূল্য একপক্ষীয়ভাৱে অপৰিৱৰ্তিত হৈয়ে আছে । শনিবাৰৰ দিনটোত দেশৰ ৰাজধানী চহৰত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯১.১৭ টকা আৰু ডিজেলৰ মূল্য ৮১.৪৭ টকা হোৱা দেখা যায় । বিগত প্ৰায় ১৪ দিন ধৰি এই দামৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই । সমগ্ৰ দেশত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য অপৰিৱৰ্তিত হৈ আছে । কিন্তু এতিয়াও দেশৰ কেইবাটাও প্ৰান্তত প্ৰতি লিটাৰ পেট্ৰলত ১০০ টকা অতিক্ৰম কৰা দেখা গৈছে ।

ফেব্ৰুৱাৰীৰ আৰম্ভণিৰ পৰা খাৰুৱা তেলৰ প্ৰতি বেৰেলত ৭ ডলাৰতকৈ অধিক বৃদ্ধি পাইছে যাৰ ফলত তেল কোম্পানীসমূহে ১৪ বাৰকৈ ইন্ধনৰ মূল্য বৃদ্ধি কৰিছে । এই সময়চোৱাত দিল্লীত পেট্ৰ'লৰ প্ৰতি লিটাৰ মূল্য ৪.২২ টকা আৰু ডিজেলত ৪.৩৪ টকা বৃদ্ধি কৰিছে । খাৰুৱা তেলৰ মূল্য বৰ্তমান প্ৰতি বেৰেলত প্ৰায় ৬৯.২ ডলাৰ হৈ আছে ।

পেট্ৰ'লত ৭.৪৬ টকা আৰু ডিজেলত ৭.৬০ টকালৈ বৃদ্ধিৰে এতিয়ালৈ দেশত ২০২১ চনত ২৬ বাৰকৈ মূল্য বৃ্দ্ধি কৰা হৈছে দুয়োবিধ ইন্ধনৰে ।

লগতে পঢ়ক: মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ ৰাজ্যিক পৰিবহনৰ বাছ চলাচল বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.