ETV Bharat / bharat

ধাৰাবাহিকভাৱে মূল্য়বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ

author img

By

Published : Oct 31, 2021, 10:10 AM IST

শনিবাৰৰ তুলনাত দেওবাৰে প্ৰতি লিটাৰত 35 পইচাকৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷

Petrol, diesel prices rise after fifth consecutive hike
আকৌ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য়

নেশ্যনেল ডেস্ক, 31 অক্টোবৰ : দেওবাৰে ধাৰাবাহিকভাৱে পঞ্চমটো দিনৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ প্ৰতি লিটাৰ পেট্ৰ’লত 35 পইচাকৈ বৃদ্ধি হৈ ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য হয়গৈ 109.38 টকা ৷ আনহাতে, 35 পইচা বৃদ্ধিৰে দিল্লীত ডিজেলৰ মূল্য হয় 98.07 টকা ৷

মুম্বাইতো শনিবাৰৰ তুলনাত বৃদ্ধি পায় পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত 115.51 টকা আৰু ডিজেলৰ মূল্য 106.23 টকা ৷

কলকাতা আজিৰ দিনটোত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত 109.79 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 101.19 ৷ সমান্তৰালকৈ চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য আজিৰ দিনটোত 106.04 টকা আৰু ডিজেলৰ মূল্য 102.25 টকা ৷

কেন্দ্ৰীয় চৰকাৰে কেইবাখনো তেল ৰপ্তানি কৰা দেশৰ সৈতে তেলৰ যোগান আৰু প্ৰয়োজন সন্দৰ্ভত কথা বতৰা পাতি আছে যদিও মূল্য হ্ৰাসৰ ক্ষেত্ৰত তাৎক্ষণিক সকাহ লাভৰ আশা নাই ৷ ইয়াৰ পূৰ্বে, এটা সূত্ৰই সংবাদ মাধ্যমক অৱগত কৰিছিল যে, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে শেহতীয়াকৈ মুখ্য তেল উৎপাদক দেশসমূহলৈ তেলৰ মূল্য নিৰ্ধাৰণ, যোগান আৰু চাহিদাৰ বিষয়টো সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : টি২০ বিশ্বকাপ: ডুবাইত ষ্টেডিয়ামৰ বাহিৰত ভিৰৰ আচৰণৰ তদন্ত বিচাৰিছে ICCএ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.