ETV Bharat / bharat

Rahul Gandhi on BJP: আমি বিজেপিক পৰাজিত নহয়, ভাঙি চুৰমাৰ কৰিছিলো; ৰাহুল গান্ধী

author img

By

Published : Jun 4, 2023, 8:35 PM IST

কৰ্ণাটকৰ পিচতেই এইবাৰ তেলেংগানা আৰু অন্যান্য ৰাজ্যিক নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিব কংগ্ৰেছে ৷ এইবাৰ কেৱল কংগ্ৰেছেই নহয় ভাৰতৰ জনসাধাৰণেও বিজেপিৰ ঘৃণনীয় আদৰ্শক পৰাস্ত কৰিব (Gandhi arrived in New York)৷ এই মন্তব্য প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ৷

People of India are going to defeat BJP: Rahul Gandhi
আমি বিজেপিক পৰাজিত নহয়, ভাঙি চুৰমাৰ কৰিছিলো - ৰাহুল গান্ধী

নিউজ ডেস্ক, 4 মে’ : কৰ্ণাটকত কংগ্ৰেছৰ দুৰ্গ পুনৰুদ্ধাৰৰ পিচতেই এইবাৰ কংগ্ৰেছৰ লক্ষ্য হৈছে তেলেংগানাৰ লগতে অন্যান্য ৰাজ্যসমূহ ৷ শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৱাশ্বিংটন আৰু চান ফ্ৰান্সিকো ভ্ৰমণৰ পিচতেই নিউয়ৰ্কত উপস্থিত হয় (Karnataka election victory) ৷ দেওবাৰে ম্যানহাটৰ জাভিটচ চেণ্টাৰত এক ৰেলীত অংশগ্ৰহণ কৰিব নেতাগৰাকীয়ে (Congress leader Rahul Gandhi )৷

ইণ্ডিয়ান অভাৰছীজ কংগ্ৰেছ-আমেৰিকা যুক্তৰাষ্ট্ৰই শনিবাৰে আয়োজন কৰা এক নৈশ ভোজন অনুষ্ঠানত ৰাহুল গান্ধীয়ে কয় যে, কৰ্ণাটকৰ পিচতেই এইবাৰ তেলেংগানা আৰু অন্যান্য ৰাজ্যিক নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিব কংগ্ৰেছে ৷ এইবাৰ কেৱল কংগ্ৰেছেই নহয় ভাৰতৰ জনসাধাৰণেও বিজেপিৰ ঘৃণনীয় আদৰ্শক পৰাস্ত কৰিব (Gandhi arrived in New York)৷

গান্ধীয়ে লগতে কয়, "আমি কৰ্ণাটকত বিজেপিক ধ্বংস কৰি দেখুৱাইছো, আমি বিজেপিক পৰাজিত কৰা নাছিলো, আমি বিজেপিক ধ্বংস কৰিছিলো ৷ কৰ্ণাটক নিৰ্বাচনত বিজেপিয়ে সৰ্বতো প্ৰকাৰে জয়ী হ’বলৈ চেষ্টা কৰিছিল ৷ বিজেপিৰ হাতত সকলো সংবাদ মাধ্যম আছিল, বিজেপিৰ ধনৰ পৰিমাণ আমাতকৈ 10 গুণ, বিজেপিৰ খোদ চৰকাৰ আছিল, বিজেপিৰ হাতত এজেঞ্চীসমূহ আছিল ৷ বিজেপিৰ ওচৰত সকলো থকাৰ পিচতো আমি বিজেপিক ভাঙি চুৰমাৰ কৰিছিলো (Rahul Gandhi commented on BJP)৷"

ৰাহুল গান্ধীয়ে বিজেপিৰ ৰাজনীতিক সমালোচনা কৰি কয়, "তেলেংগানা নিৰ্বাচনৰ উপৰিও, ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তিশগড়ৰ নিৰ্বাচনতো আমি কৰ্ণাটকৰ দৰেই বিজেপিক প্ৰতিহত কৰিম ৷ কেৱল কংগ্ৰেছ দলেই বিজেপিক পৰাজিত কৰিব নোৱাৰে। ভাৰতৰ জনসাধাৰণ, মধ্য প্ৰদেশৰ জনতা, তেলেংগানাৰ জনসাধাৰণ, ৰাজস্থান, ছত্তিশগড়ৰ জনসাধাৰণেই বিজেপিক পৰাস্ত কৰিব ৷

ইয়াৰ কাৰণ হৈছে ভাৰতে বুজি পাইছে যে বিজেপিয়ে সমাজত যি ধৰণৰ ঘৃণা বিয়পাই আছে ই এখন দেশক আগবাঢ়ি যোৱাত সহায় নকৰে ৷ পৰৱৰ্তী কেইবাখনো ৰাজ্যত বিজেপিৰ কৰ্ণাটকৰ অৱস্থা হ'বলৈয়ে গৈ আছে ৷ এফালে বিজেপিৰ এক বিভাজনমূলক আৰু ঘৃণা বিয়পোৱা আদৰ্শ । আনফালে, কংগ্ৰেছ দলৰ মৰম আৰু মৰমিয়াৰ আদৰ্শ ৷"

ৰাহুল গান্ধীয়ে কৰ্ণাটক নিৰ্বাচনৰ সময়ত বিজেপিয়ে মেৰুকৰণ আৰু সম্প্ৰদায়সমূহৰ মাজত খং আৰু ঘৃণা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল বুলি কটু সমালোচনা কৰে । গান্ধীয়ে লগতে কয় যে, এই প্ৰচেষ্টা খোদ প্ৰধানমন্ত্ৰীয়ে কৰিছিল । কৰ্ণাটকৰ মানুহে স্পষ্ট কৰিছিল যে, নিৰ্বাচনৰ মূল্য, নিবনুৱা আৰু দুৰ্নীতিৰ বিষয়ে । গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ত দিয়া তেওঁৰ শ্লোগানৰ কথা উল্লেখ কৰি কৈছিল যে ‘‘নফৰতৰ বজাৰত মহব্বতৰ দোকান খুলিম, ঘৃণাৰ বজাৰত আমি মৰমৰ দোকান খুলিম"।

লগতে পঢ়ক: CM Speaks to PM Over Phone : শেহতীয়া পৰিস্থিতি সম্পৰ্কে পাটনায়কৰ সৈতে আলোচনা মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.