নিউজ ডেস্ক, ৩০ ডিচেম্বৰ: আলফা, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত শুকুৰবাৰে নতুন দিল্লীত স্বাক্ষৰিত হয় বহু প্ৰত্যাশিত শান্তিচুক্তি ৷ আলফাৰ সৈতে কেন্দ্ৰীয় আৰু অসম চৰকাৰে স্বাক্ষৰিত কৰা ত্ৰিপাক্ষিক শান্তি চুক্তিক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তেওঁ কয় যে, এই চুক্তিয়ে ৰাজ্যখনৰ স্থায়ী অগ্ৰগতিৰ বাট মুকলি কৰিছে ।
উল্লেখ্য যে, আলফাৰ আলোচনাপন্থী ফৈদে শুকুৰবাৰে কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি হিংসা পৰিহাৰ, সকলো অস্ত্ৰ আত্মসমৰ্পণ, সংগঠন ভংগ কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত যোগদান কৰিবলৈ সন্মত হয় । এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷
-
Today marks a significant milestone in Assam's journey towards peace and development. This agreement, paves the way for lasting progress in Assam. I commend the efforts of all involved in this landmark achievement. Together, we move towards a future of unity, growth, and… https://t.co/Y8sqPr1KPJ
— Narendra Modi (@narendramodi) December 29, 2023 " class="align-text-top noRightClick twitterSection" data="
">Today marks a significant milestone in Assam's journey towards peace and development. This agreement, paves the way for lasting progress in Assam. I commend the efforts of all involved in this landmark achievement. Together, we move towards a future of unity, growth, and… https://t.co/Y8sqPr1KPJ
— Narendra Modi (@narendramodi) December 29, 2023Today marks a significant milestone in Assam's journey towards peace and development. This agreement, paves the way for lasting progress in Assam. I commend the efforts of all involved in this landmark achievement. Together, we move towards a future of unity, growth, and… https://t.co/Y8sqPr1KPJ
— Narendra Modi (@narendramodi) December 29, 2023
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই দিনটো অসমবাসীৰ বাবে সোণালী দিৱস বুলি অভিহিত কৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে এই চুক্তি সন্দৰ্ভত কৰা এটা পোষ্ট টেগ কৰি মোদীয়ে কয়, "অসমৰ শান্তি আৰু উন্নয়নৰ দিশত আজি দিনটো এক ঐতিহাসিক দিন । এই চুক্তিয়ে অসমৰ স্থায়ী অগ্ৰগতিৰ পথ প্ৰশস্ত কৰে ।" তেওঁ লগতে কয়, "এই এতিহাসিক কৃতিত্বৰ সৈতে জড়িত সকলোৰে প্ৰচেষ্টাৰ মই প্ৰশংসা কৰিছো । একেলগে সকলোৰে বাবে ঐক্য, বৃদ্ধি আৰু সমৃদ্ধিৰ ভৱিষ্যতৰ দিশত আগবাঢ়িছো ।"
"সাৰ্বভৌম অসম"ৰ দাবীত ১৯৭৯ চনত সংযুক্ত মুক্তি বাহিনী অসম (ULFA) গঠন কৰা হৈছিল । প্ৰথমাৱস্থাত আলফাৰ প্ৰতি অসমৰ ৰাইজৰ এক আবেগ আছিল ৷ তেতিয়াৰ পৰাই ই বিধ্বংসী কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰিছিল ৷ যাৰফলত ১৯৯০ চনত কেন্দ্ৰীয় চৰকাৰে ইয়াক নিষিদ্ধ সংগঠন বুলি ঘোষণা কৰিছিল ৷
লগতে পঢ়ক: সুনিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যকৰী হ’ব শান্তিচুক্তি: অমিত শ্বাহ