ETV Bharat / bharat

Oppositions Patna Meeting : নীতিশ কুমাৰ ডলাৰ বগৰী; নিজৰ ঘৰতে বিহাৰৰ মুখ্যমন্ত্ৰীক উপহাস আপৰ - AAP pinches Bihar CM on home turf

আপে নীতিশ কুমাৰৰ প্ৰমাণ-পত্ৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি নীতিশক ডলাৰ বগৰী বা দল বাগৰা বুলি অভিহিত কৰিছে । এই পোষ্টাৰসমূহত বৈঠকত অংশগ্ৰহণ কৰিবলগা অৰবিন্দ কেজৰিৱালক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপেও দেখুওৱা হৈছে, যিটোৱে নীতিশ কুমাৰক তেওঁৰ ঘৰতে লজ্জানত কৰাটো নিশ্চিত ।

AAP slams Nitish Kumar
AAP slams Nitish Kumar
author img

By

Published : Jun 22, 2023, 7:25 PM IST

বিৰোধী বৈঠকৰ পূৰ্বে পাটনাত নীতিশ কুমাৰক সমালোচনা আপৰ

নিউজ ডেস্ক, ২২ জুন : বিৰোধী ঐক্য বৈঠকলৈ মাজত মাত্ৰ এদিন বাকী থকা অৱস্থাত বৈঠকৰ প্ৰধান আয়োজক নীতিশ কুমাৰে নিজৰ সম-আদৰ্শৰ বুলি ভবা আম আদমী পাৰ্টীৰ সমৰ্থকৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে ।

বৈঠকৰ এদিন পূৰ্বে পাটনাৰ মুখ্য স্থানবোৰ পোষ্টাৰ আৰু বেনাৰেৰে ভৰি পৰিছে । বেনাৰবোৰত কেজৰিৱালক প্ৰশংসাৰে উপচাই পেলোৱা হৈছে । যাৰ জৰিয়তে প্ৰথম যুটীয়া বিৰোধী শক্তি প্ৰদৰ্শনৰ পূৰ্বে কেজৰিৱালৰ বাবে এক মঞ্চ নিৰ্মাণ কৰি দিছে । আমোদজনকভাৱে, আপে নীতিশ কুমাৰৰ প্ৰমাণ-পত্ৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি নীতিশক ডলাৰ বগৰী বা দল বাগৰা বুলি অভিহিত কৰিছে । এই পোষ্টাৰসমূহত বৈঠকত অংশগ্ৰহণ কৰিবলগা অৰবিন্দ কেজৰিৱালক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপেও দেখুওৱা হৈছে, যিটোৱে নীতিশ কুমাৰক তেওঁৰ ঘৰতে লজ্জানত কৰাটো নিশ্চিত ।

'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহযোগী' হিচাপে দেখুওৱা নীতিশৰ বিৰুদ্ধে পোষ্টাৰ আঁৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক কটুক্তি কৰা আপ সমৰ্থকসকলে জেডিইউৰ নেতাসকলৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে ।

আনহাতে, বিজেপি কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ ঠিক সন্মুখতো এখন পোষ্টাৰ লগোৱা হৈছে । অৰবিন্দ কেজৰিৱালক উক্ত পোষ্টাৰত 'প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী' হিচাপে দেখুওৱা হৈছে । এইটোও লিখা হৈছে যে "দেশৰ মানুহে মোদীজীৰ বিশেষ বন্ধু নীতিশ কুমাৰৰ পৰা সাৱধান হ'ব, তেওঁৰ পৰা আশাও নাই বা তেওঁৰ প্ৰতি বিশ্বাসো নাই ।" পোষ্টাৰখনত এই কথাটোত গুৰুত্ব দিয়া হৈছে যে অৰবিন্দ কেজৰিৱালৰ বাহিৰে বিৰোধী দলত আন কোনো মুখ নাই ।

ইফালে ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত আম আদমী পাৰ্টীৰ সদস্য বিকাশ কুমাৰ জ্যোতিয়ে কয়, "যদি বিৰোধী দলৰ কোনো ডাঙৰ মুখ আছে, তেন্তে তেওঁ হৈছে অৰবিন্দ কেজৰিৱাল । সেয়েহে আমি ঘোষণা কৰিছোঁ যে এই বিৰোধী বৈঠকত অৰবিন্দ কেজৰিৱালক প্ৰধানমন্ত্ৰীৰ মুখ হিচাপে ঘোষণা কৰা হওক ।"

আনহাতে, ৰাহুল গান্ধী সন্দৰ্ভত বিকাশ কুমাৰ জ্যোতিয়ে কয় যে ৰাহুল গান্ধী যিহেতু আনকি সংসদৰ সদস্যও নহয়, তেনে ক্ষেত্ৰত তেওঁ কেনেকৈ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব পাৰে ?

তেওঁ কয় যে আম আদমী পাৰ্টীয়ে নীতিশৰ গোপন পৰিকল্পনা বুজি পাইছে । সেয়া হৈছে 'ডলাৰ বগৰী' । জ্যোতিয়ে লগতে কয় যে নীতিশে পুনৰ আৰজেডিক পশ্চাদগমন কৰাব আৰু দুমাহৰ ভিতৰতে মিত্ৰজোঁটৰ চৰকাৰৰ পতন ঘটিব । "মই কথা দিলোঁ, ১৫ আগষ্টত এজন দ্বিতীয় মুখ্যমন্ত্ৰীয়ে গান্ধী ময়দানত পতাকা উত্তোলন কৰিব ।" আপৰ সদস্যজনে কয় ।

উল্লেখ্য, ২৩ জুনত পাটনাত বিৰোধী দলসমূহৰ বিশাল বৈঠকৰ পূৰ্বে বহুজন সমাজ পাৰ্টীৰ সভাপতি মায়াৱতীয়ে বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁ বৈঠকখনত উপস্থিত নাথাকে আৰু বিৰোধী মিত্ৰজোঁটৰ বিৰুদ্ধে তেওঁৰ স্থিতি স্পষ্ট কৰে ।

কেজৰিৱালৰ উপৰি ৰাহুল গান্ধী, মমতা বেনাৰ্জী, এম কে ষ্টেলিন, শৰদ পাৱাৰ, মেহবুবা মুফতি আৰু হেমন্ত ছোৰেনে বিগত বছৰ বিজেপিক দলিয়াই পেলোৱা বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডি(ইউ)ৰ শীৰ্ষ নেতা নীতিশ কুমাৰে আহ্বান কৰা বৈঠকত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Patna Oppositions Meets : বিৰোধী বৈঠকলৈ এটা দিন; বিৰোধী ঐক্য এতিয়াও সপোন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.