ETV Bharat / bharat

Newsclick controversy:নিউজক্লিকৰ প্ৰাক্তন কৰ্মচাৰীৰ কেৰালাৰ বাসগৃহত দিল্লী আৰক্ষীৰ অভিযান - নিউজক্লিকৰ প্ৰাক্তন কৰ্মচাৰী অনুষা পল

নিউজক্লিকৰ প্ৰাক্তন কৰ্মচাৰী অনুষা পল, যাৰ কেৰালাৰ বাসগৃহত দিল্লী আৰক্ষীয়ে তালাচী চলাইছিল, তেওঁ কয় যে তেওঁক কৃষকসকলৰ প্ৰতিবাদ, এন আৰ চি-CAA বিৰোধী প্ৰতিবাদ তথা কেন্দ্ৰীয় চৰকাৰৰ ক’ভিড-১৯ পৰিচালনাৰ বিষয়ে প্ৰতিবেদন দিছে নে নাই বুলি প্ৰশ্ন কৰা হৈছিল ।

Newsclick controversy
নিউজক্লিক
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 10:07 AM IST

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ : নিউজক্লিকৰ প্ৰাক্তন কৰ্মচাৰী অনুষা পল, যাৰ কেৰালাৰ বাসগৃহত দিল্লী আৰক্ষীয়ে তালাচী চলাইছিল, তেওঁ কয় যে তেওঁ কৃষকসকলৰ প্ৰতিবাদ, এন আৰ চি-CAA বিৰোধী প্ৰতিবাদ তথা কেন্দ্ৰীয় চৰকাৰৰ ক’ভিড-১৯ পৰিচালনাৰ বিষয়ে প্ৰতিবেদন দিছে নে নাই বুলি প্ৰশ্ন কৰা হৈছিল ।

শুকুৰবাৰে দিল্লী আৰক্ষীয়ে অভিযান চলাই মালয়ালী সাংবাদিক তথা নিউজক্লিকৰ প্ৰাক্তন কৰ্মচাৰী অনুষা পলৰ কোডুমনৰ সমীপৰ তেওঁৰ বাসগৃহৰ পৰা লেপটপ আৰু ফোন জব্দ কৰে । দিল্লী আৰক্ষীৰ তিনিজনীয়া এটা দলে তেওঁৰ বক্তব্য ৰেকৰ্ডিং কৰি তেওঁৰ ইলেক্ট্ৰনিক ডিভাইচ জব্দ কৰাৰ পিচত পলে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁক নিউজক্লিক আৰু চিপিআই (এম)ৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ প্ৰশ্ন কৰা হৈছিল ।

কৃষকৰ প্ৰতিবাদ, এন আৰ চি-কা বিৰোধী প্ৰতিবাদ আৰু কেন্দ্ৰীয় চৰকাৰৰ ক’ভিড-১৯ ব্যৱস্থাপনা সম্পৰ্কে অনুষা পলে ৰিপ’ৰ্ট দিছিল নে নাই তাৰ পৰাই আৰম্ভ কৰি এই প্ৰশ্নৰ উত্থাপন হৈছিল বুলি কয় তেওঁ । নৰেন্দ্ৰ মোদী চৰকাৰ আৰু আৰ এছ এছৰ বিৰুদ্ধে মাত মাতি অহা সংগঠন আৰু ইয়াৰ কৰ্মচাৰীসকলক ভাবুকি দি চাপত ৰাখিবলৈ বাবে এইটো এটা কূটনীতি বুলিও তেওঁ উল্লেখ কৰে ।

অনুষা পল পৰিয়ালৰ এজন ঘনিষ্ঠ সদস্যৰ চিকিৎসাৰ বাবে কেৰালাত আছিল । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে দিল্লী আৰক্ষীয়ে তেওঁক চিপিআই (এম)ৰ দিল্লী ৰাজ্যিক সম্পাদক কে এম তিৱাৰীক চিনি পায় নেকি বুলি প্ৰশ্ন কৰে । "অৱশ্যেই মই তেওঁক চিনি পাওঁ । মই তেওঁলোকক সেই কথা কৈছিলো ।" তেওঁ চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক। মই এজন চিপিআই(এম) কৰ্মী । মই ডেমক্ৰেটিক য়ুথ ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডিৱাইএফআই) দিল্লী গোটৰ ৰাজ্যিক সমিতিৰ সদস্য আৰু ইয়াৰ ৰাজ্যিক কোষাধ্যক্ষ," তেওঁ কয় ।

অনুষা পলে লগতে যোগ দি কৈছিল যে কেৰালা আৰক্ষী এই অভিযানকাৰী দলৰ অংশ নাছিল । ‘পিছত স্থানীয় আৰক্ষী আহি কয় যে তেওঁলোক এই অভিযানৰ বিষয়ে অৱগত নাছিল’- অনুষা পলে এইদৰে মন্তব্য কৰে । দিল্লী আৰক্ষীৰ বিশেষ চেলে মঙলবাৰে সন্ধিয়া নিউজক্লিকৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু মানৱ সম্পদ বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে ৷ অনলাইন নিউজ পৰ্টেলটোৰ মুঠ ৪৬ জন সাংবাদিক আৰু অৱদানকাৰীক সোধা-পোছা কৰাৰ পিছত দিনটোৰ ভিতৰত তেওঁলোকৰ মোবাইল ফোন আৰু অন্যান্য ইলেক্ট্ৰনিক গেজেট জব্দ কৰা হয় ।

লগতে পঢ়ক : Newsclick controversy: সংবাদপত্ৰৰ স্বাধীনতাৰ ওপৰত নির্লজ্জ আক্রমণ চলিছে বিজেপি চৰকাৰৰ: অজিত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.