নেশ্যনেল ডেস্ক, ২ জানুৱাৰী: কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে ভাৰত আৰু ব্ৰিটেইনৰ মাজত অহা ৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বিমান চলাচল । শুকুৰবাৰে এই কথা জনায় কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে । যিসকল যাত্ৰীয়ে ২৩ ডিচেম্বৰত টিকট বুক কৰিছিল সেইসকল যাত্ৰীয়ে বিমান চলাচলৰ প্ৰথম দিনাই যাত্ৰা কৰিব পাৰিব বুলি জনায় এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা ।

এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা ২২ ডিচেম্বৰৰ দিনাই সকলো যাত্ৰীৰ সৈতে যোগাযোগ কৰি তেওঁলোকে বুকিং কৰা টিকটৰ পুনঃনিৰ্ধাৰণ কৰে । দুয়োখন দেশৰ মাজত ২৩ জানুৱাৰীলৈকে প্ৰতি সপ্তাহত ৩০ খন বিমান চলাচল কৰিব । ৩০ ডিচেম্বৰত মন্ত্ৰালয়ে ব্ৰিটেইনৰ পৰা ৭ জানুৱাৰীলৈ বিমানৰ অস্থায়ী চলাচল সাময়িকভাৱে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ভাৰতীয় আৰু ব্ৰিটিছ এয়াৰলাইনে দিল্লী, মুম্বাই, বেংগালুৰু আৰু হায়দৰাবাদলৈকে প্ৰতি সপ্তাহত ১৫-১৫ খনকৈ বিমান চলাচল হ'ব ।
-
It has been decided that flights between India & UK will resume from 8 Jan 2021.
— Hardeep Singh Puri (@HardeepSPuri) January 1, 2021 " class="align-text-top noRightClick twitterSection" data="
Operations till 23 Jan will be restricted to 15 flights per week each for carriers of the two countries to & from Delhi, Mumbai, Bengaluru & Hyderabad only. @DGCAIndia will issue the details shortly
">It has been decided that flights between India & UK will resume from 8 Jan 2021.
— Hardeep Singh Puri (@HardeepSPuri) January 1, 2021
Operations till 23 Jan will be restricted to 15 flights per week each for carriers of the two countries to & from Delhi, Mumbai, Bengaluru & Hyderabad only. @DGCAIndia will issue the details shortlyIt has been decided that flights between India & UK will resume from 8 Jan 2021.
— Hardeep Singh Puri (@HardeepSPuri) January 1, 2021
Operations till 23 Jan will be restricted to 15 flights per week each for carriers of the two countries to & from Delhi, Mumbai, Bengaluru & Hyderabad only. @DGCAIndia will issue the details shortly
COVID-১৯ ৰ বাবে চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল বন্ধ ৰাখিছিল । ৩১ জানুৱাৰীলৈকে বিমান চলাচল বন্ধ ৰখাৰ কথা আছিল যদিও ৮ জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ'ব এই বিমান চলাচল ।
লগতে পঢ়ক: ভাৰতৰ প্ৰতি চীনা আগ্ৰাসন কৰাবলৈ সংকল্পবদ্ধ ৰাজা কৃষ্ণমূৰ্তি