আগৰতলা, 21 মে': ৰাজনৈতিক আক্ৰমণৰ বিৰুদ্ধে এক কঠোৰ স্থিতি গ্ৰহণ কৰি বৃহস্পতিবাৰে টিপ্ৰা মোথাৰ প্ৰধান প্ৰদ্যুত কিশোৰ দেৱবৰ্মনে নিজ দলৰ একাংশ কৰ্মীক নিলম্বন কৰাৰ সিদ্ধান্ত লয় ৷ আইপিএফটিৰ সভাপতি তথা বিজেপি-আইপিএফটি কেবিনেটৰ জ্যেষ্ঠ নেতা এন চি দেৱবৰ্মাৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত প্ৰদ্যুত কিশোৰ দেৱবৰ্মনে দলীয় কৰ্মী সকলক নিলম্বনৰ সিদ্ধান্ত লয় ৷
এনে আক্ৰমণৰ ঘটনাক আমদানি কৰা সংস্কৃতি আখ্যা দি দেৱবৰ্মনে কয় যে, "আমি আমদানিকৃত ৰাজনৈতিক গুণ্ডামিৰ সংস্কৃতিৰ পৰিহাৰ কৰিব লাগিব ৷ এইয়া আমাৰ সংস্কৃতি নহয় ৷ আমদানি কৰা এই সংস্কৃতি এতিয়া আমাৰ ৰাজনৈতিক ব্যৱস্থাৰ এক অংশ হৈ পৰিছে ৷ মই এনে সংস্কৃতিৰ পক্ষত নাই ৷ যিসকলে দলৰ শৃংখলা ভংগ কৰিব তেনেলোকৰ দলত প্ৰয়োজন নাই ৷ ঘটনাৰ সৈতে জড়িত দলীয় কৰ্মী সকলক নিলম্বনৰ বাবে বিভাগীয় নিৰ্দেশ ইতিমধ্যে মুকলি কৰা হৈছে ৷" সামাজিক মাধ্যমযোগে দেৱবৰ্মনে এই কথা সদৰী কৰে ৷
ঘটনা সন্দৰ্ভত আইপিএফটিৰ সাধাৰণ সম্পাদক মেভৰ কুমাৰ জামাতিয়াই ফোনযোগে অৱগত কৰা বুলি জানিবলৈ দি তেওঁ কয় যে, এই বিষয়ে অৱগত হোৱাৰ লগে লগেই তেওঁ পদক্ষেপ গ্ৰহণ কৰি বিশ্বাসী স্থানীয় নেতাসকলক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে দায়িত্ব প্ৰদান কৰিছিল ৷ টিপ্ৰাছাই জ্যেষ্ঠ সকলক সন্মান প্ৰদৰ্শন কৰা নাই বুলি অভিযোগ কৰাৰ লগতে তাকাৰজালাত এন চি দেৱবৰ্মাৰ সভাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰাসকলৰ হাতত অতি সোনকালেই নিলম্বনৰ পত্ৰ পৰিব ৷"
লগতে পঢ়ক: ত্ৰিপুৰাত আকাশলংঘী খোৱাতেলৰ মূল্য