ETV Bharat / bharat

২৬ মে'ত ভাৰতত আংশিক চন্দ্ৰগ্ৰহণ

২৬ মে'ত দেখা যাব বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ । দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, এছিয়া, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা, প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ অঞ্চলসমূহত দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ ।

lunar eclipse
২৬ মে'ত ভাৰতত আংশিক চন্দ্ৰগ্ৰহণ
author img

By

Published : May 25, 2021, 12:29 PM IST

Updated : May 26, 2021, 3:22 PM IST

নেশ্যনেল ডেস্ক,২৫ মে': ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ মতে বছৰটোৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ২৬ মে'ত দেখা যাব । বিগত বছৰৰ ২১ জানুৱাৰীৰ পিছত এইটো হ'ব প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰু ই এক চুপাৰমুন হ'ব । দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, এছিয়া, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা, প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ অঞ্চলসমূহত দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ ।

অৱশ্যে ভাৰতৰ কিছু কিছু অংশতহে প্ৰত্যক্ষ কৰিব পৰা যাব এই চন্দ্ৰগ্ৰহণ । ছিকিমৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ কিছু অংশ, উৰিষ্যাৰ কিছু উপকূলীয় অংশ আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ পৰা কিছু সময়ৰ বাবে দৃশ্যমান হ'ব আংশিক চন্দ্ৰগ্ৰহণ ।

আংশিক চন্দ্ৰগ্ৰহণ ভাৰতীয় সময় অনুসৰি নিশা ৩ বাজি ১৫ মিনিটত আৰম্ভ হ'ব আৰু ৬ বাজি ২৩ মিনিটত সমাপ্ত হ'ব । আনহাতে, পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ভাৰতীয় সময় অনুসৰি পুৱতি নিশা ৪ বাজি ৩৯ মিনিটত আৰম্ভ হ'ব আৰু ৪ বাজি ৫৮ মিনিটত সমাপ্ত হ'ব ।

নাছাৰ মতে ১৭ মে'ৰ পৰা কেইবাটাও মহাকাশীয় ঘটনা সংঘটিত হৈ আহিছে আৰু আন এক পৰিঘটনা স্বৰূপে এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব । উল্লেখ্য যে, ভাৰতত পৰৱৰ্তী চন্দ্ৰগ্ৰহণ এই বছৰৰ ১৯ নৱেম্বৰত দৃশ্যমান হ'ব । কিন্তু সেইটো এটা আংশিক চন্দ্ৰগ্ৰহণ হ'ব ।

লগতে পঢ়ক: য়াছৰ ফলত ওড়িশা-পশ্চিমবংগৰ সীমান্তত ভূমিস্খলনৰ সম্ভাৱনা

Last Updated : May 26, 2021, 3:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.