ETV Bharat / bharat

CBFCৰ কাৰ্যকলাপ পৰ্যালোচনা কৰিব সংসদীয় স্থায়ী সমিতিয়ে - কেন্দ্ৰীয় ছবি প্ৰমাণপত্ৰ পৰিষদ

মঙলবাৰে কেন্দ্ৰীয় ছবি প্ৰমাণপত্ৰ পৰিষদৰ কাৰ্যকলাপ পৰ্যালোচনা কৰিব তথ্য প্ৰযুক্তি সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে । চিনেমেট'গ্ৰাফ (সংশোধনী) বিধেয়ক ২০২১(Cinematograph Bill 2021) সন্দৰ্ভত পৰ্যালোচনা কৰিব সমিতিখনে ।

Parliamentary Standing Committee on IT will review the functioning of Central Board of Film Certification
CBFCৰ কাৰ্যকলাপ পৰ্যালোচনা কৰিব সংসদীয় স্থায়ী সমিতিয়ে
author img

By

Published : Jul 6, 2021, 11:24 AM IST

নেশ্যনেল ডেস্ক, ৬ জুলাই : চিনেমেট'গ্ৰাফ (সংশোধনী) বিধেয়ক ২০২১(Cinematograph Bill 2021) সন্দৰ্ভত মঙলবাৰে কেন্দ্ৰীয় ছবি প্ৰমাণপত্ৰ পৰিষদৰ কাৰ্য-কলাপ পৰ্যালোচনা কৰিব তথ্য প্ৰযুক্তি সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে । যোৱা ১৮ এই সন্দৰ্ভত এক সংবাদ বিজ্ঞপ্তি প্ৰকাশ কৰিছিল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে(Ministry of Information and Broadcasting) । ছবিৰ পাইৰেচী(film piracy)ৰ সমস্যাৰে মোকাবিলা কৰিবলৈ চিনেমেট'গ্ৰাফ (সংশোধনী) বিধেয়কৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ।

২০১৯ চনৰ ৬ ফেব্ৰুৱাৰীত কেবিনেটে অনুমোদন জনোৱাৰ পাছত উক্ত বৰ্ষৰে ১২ ফেব্ৰুৱাৰী ৰাজ্যসভাত চিনেমেট'গ্ৰাফ (সংশোধনী) বিধেয়ক ২০১৯(Cinematograph Bill 2019) উত্থাপন কৰা হৈছিল । এই বিধেয়কত 6AA আৰু ৭ নং ধাৰাত এটা নতুন উপ-ধাৰা(1A) অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল । তথ্য-প্ৰযুক্তি সম্পৰ্কীয় স্থায়ী সমিতি(2019-20)য়ে ২০২০ চনৰ ১৬ মাৰ্চত ৰাজ্যসভা আৰু লোকসভাত চিনেমেট'গ্ৰাফ (সংশোধনী) বিধেয়ক ২০১৯ সন্দৰ্ভত নৱম প্ৰতিবেদন উপস্থাপন কৰে ।

এই প্ৰতিবেদনত সংসদীয় স্থায়ী সমিতিয়ে কৰা পৰ্যবেক্ষণ আৰু পৰামৰ্শবোৰ সন্নিৱিষ্ট কৰা হৈছিল ৷

তদুপৰি সমিতিয়ে দিয়া পৰামৰ্শৰ ওপৰত ভিত্তি কৰি চিনেমেট’গ্ৰাফ (সংশোধনী) বিধেয়ক ২০১৯ ৰ ধাৰাবোৰ উপযুক্তভাৱে সংশোধন কৰাৰ প্ৰস্তাৱ দিয়া হয় । চিনেমেট'গ্ৰাফ আইন-১৯৫২ ৰ অধীনত প্ৰমাণপত্ৰৰ বিষয়বোৰ পৰীক্ষা কৰিবলৈ ২০১৩ চনত ন্যায়াধীশ মুকুল মুদগাল(Justice Mukul Mudgal)ৰ অধ্যক্ষতাত এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল । পিছত ২০১৬ চনত শ্যাম বেনেগালৰ অধ্যক্ষতাত আন এখন বিশেষজ্ঞ সমিতি গঠন কৰা হয় ।

দুয়োখন বিশেষজ্ঞ সমিতিয়ে আগবঢ়োৱা পৰামৰ্শবোৰ মন্ত্ৰালয়ত বিশ্লেষণ কৰা হয় । পিছত বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা কৰি আইনখনৰ আভ্যন্তৰীণ পৰ্যালোচনাৰ জৰিয়তে সকলো প্ৰাসংগিক বিষয় বিবেচনা কৰাৰ প্ৰয়াস কৰা হয় । এতিয়া তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে চিনেমেট'গ্ৰাফ (সংশোধনী) বিধেয়ক ২০২১(Cinematograph Bill 2021) উত্থাপন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ যিয়ে ছবি অনুমোদনৰ প্ৰক্ৰিয়া অধিক কাৰ্যকৰী কৰি তোলাৰ লগতে এই বিধেয়ক আইনত পৰিণত হ'লে ছবি নিৰ্মাতাসকলে পাইৰেচী সমস্যাৰ পৰা ৰক্ষা পৰিব ।

লগতে পঢ়ক: প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীৰ তৃণমূল কংগ্ৰেছত যোগদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.