ETV Bharat / bharat

Parliament adjourned: কাৰ্যক্ৰম আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে স্থগিত দুয়োখন সদন

মঙলবাৰেও একে পৰিৱেশ সদনত (Protest at parliament)। বিৰোধী কংগ্ৰেছ আৰু শাসকীয় দলৰ হুলস্থূলৰ বাবে পুনৰ স্থগিত দুয়োখন সদন । দিনৰ ২ বজালৈ স্থগিত লোকসভা ।

author img

By

Published : Mar 28, 2023, 12:28 PM IST

Parliament adjourned
কাৰ্যক্ৰম আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে স্থগিত দুয়োখন সদন

নেশ্যনেল ডেস্ক,২৮ মাৰ্চ : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ এক প্ৰকাৰ অচলাৱস্থা দুয়োখন সদনত । সোমবাৰে দুয়োখন স্থগিত ৰখাৰ পাছত মঙলবাৰেও হুলস্থূলীয়া পৰিৱেশৰ বাবে দুয়োখন সদন স্থগিত ৰাখিবলগীয়া হয় (Parliament adjourned on Tuesday)। বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ বাবে প্ৰথমে লোকসভা স্থগিত ৰখা হয় । দুপৰীয়া ২ বজাত পুনৰ আৰম্ভ হ'ব লোকসভা । তাৰ কিছু সময় অন্তত ৰাজ্যসভাও স্থগিত ৰখা হয় । ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ বিৰোধী নেতাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে সদন স্থগিত ৰাখিবলগীয়া হয় ।

কংগ্ৰেছে পুৱাই দলৰ সংসদীয় কাৰ্যালয়ত সাংসদসকলৰ এখন বৈঠক আহ্বান কৰে । সদনৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ পূৰ্বে বিজেপিয়ে সংসদীয় দলৰ বৈঠকো অনুষ্ঠিত কৰে । ইফালে সোমবাৰে, বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে তেওঁৰ বাসগৃহত বিৰোধী দলসমূহৰ এখন বৈঠকৰ আহ্বান কৰে ।

সংসদত সোমবাৰেও একে পৰিৱেশ দেখা গৈছিল । শাসক বিৰোধীৰ হুলস্থূলৰ বাবে ৰাজ্যসভা দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হৈছিল । আনহাতে লোকসভা দিনটোৰ বাবে স্থগিত ৰখা হৈছিল । তীব্ৰ হুলস্থূলৰ মাজতে সদনত বিত্তীয় বিধেয়কখন গৃহীত হৈছিল । জম্মু আৰু কাশ্মীৰ বিনিয়োগ (নং 2) বিধেয়ক, ২০২৩ বিবেচনা কৰা হয় আৰু নিম্ন সদনলৈও পঠিওৱা হয় ।

হুলস্থূলৰ মাজত অধ্যক্ষ ওম বিৰলাক লক্ষ্য কৰি কাগজপত্ৰ নিক্ষেপ কৰাৰ পাছতে লোকসভা স্থগিত ৰখা হয় । অধ্যক্ষগৰাকীয়ে কয় যে তেওঁ মৰ্যাদাৰে সদন চলাব বিচাৰে ।

উল্লেখ্য যে হিণ্ডেনবাৰ্গ-আদানি বিষয় আৰু ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত আছে (Congress protest on Rahul Gandhi disqualification)। কংগ্ৰেছ কৰ্মীসকলে বিভিন্ন ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সদনতো নেতাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে । আনহাতে বিজেপিয়ে ৰাহুল গান্ধীৰ লণ্ডনৰ বিতৰ্কিত ভাষণক লৈ সৰৱ হৈ আছে (BJP on Rahul Gandhi speech)।

শাসক বিৰোধীৰ হুলস্থূলৰ বাবে একপ্ৰকাৰ অচল হৈ পৰিছে সদন (MPs protest in parliament)। সদনৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ পাছৰে পৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে কেইবাবাৰো সদন স্থগিত ৰাখিবলগীয়া হৈছে ।

লগতে পঢ়ক :Rahul Gandhi disqualification : সংসদৰ পৰা ক'লা প্ৰতিবাদ অব্যাহত ৰাখিব কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.