ETV Bharat / bharat

Monsson session 2023 : সংসদৰ অচলাৱস্থা, বিৰোধীক সমালোচনা প্ৰহ্লাদ যোশীৰ - Manipur violence

মণিপুৰৰ বিষয়ক লৈ একপ্ৰকাৰ অচলাৱস্থা সংসদত । প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবীত অটল বিৰোধী । আলোচনাৰ পৰা আঁতৰি থকাৰ অভিযোগ মন্ত্ৰী প্ৰহ্লাদ যোশীৰ ।

Monsson session
বিৰোধীক সমালোচনা প্ৰহ্লাদ যোশীৰ
author img

By

Published : Jul 24, 2023, 1:44 PM IST

নেশ্যনেল ডেস্ক,২৪ জুলাই : মণিপুৰৰ বিষয়ক লৈ উত্তাল হৈ আছে সংসদৰ দুয়োখন সদন । সোমবাৰে বৰ্ষাকালীন অধিৱেশনৰ তৃতীয় দিনাও লোকসভা আৰু ৰাজ্যসভাত বিৰোধীৰ তীব্ৰ হুলস্থূল । ১২ বজালৈ স্থগিত ৰাখিবলগীয়া হয় লোকসভা আৰু ৰাজ্যসভা । ইয়াৰ মাজতে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে বিশেষ আহ্বান জনালে বিৰোধী দলসমূহক । সদনৰ মসৃণ কাৰ্যকলাপৰ বাবে সংগঠিত আৰু গঠনমূলক আলোচনাত অংশগ্ৰহণ কৰিবলৈ তেওঁ বিৰোধীক আহ্বান জনায় ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ বিৰোধী দলসমূহৰ ৰণনীতি বুজি পোৱা নাই । কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ বিষয়টোক লৈ আলোচনাৰ প্ৰতিশ্ৰুতি দিছে যদিও সংসদত বিৰোধীয়ে কিয় হুলস্থূল সৃষ্টি কৰিছে বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

বিৰোধীয়ে আলোচনাৰ পৰা কিয় আঁতৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে । ইফালে, বিৰোধী দলসমূহৰ নতুনকৈ গঠন হোৱা মিত্ৰজোঁট INDIAয়ে সংসদ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি লোকসভা আৰু ৰাজ্যসভাত মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বক্তব্যৰ দাবী তোলে । জেডিইউৰ লালন সিং, আপৰ সঞ্জয় সিং আৰু কংগ্ৰেছৰ গৌৰৱ গগৈকে ধৰি বিৰোধী দলৰ মিত্ৰজোঁটৰ কেইবাজনো সাংসদে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । তেওঁলোকে দুয়োখন সদনত প্ৰধানমন্ত্ৰীৰ বিবৃতি দাবী কৰি হাতে হাতে বেনাৰ লৈ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে শ্ল'গান দিয়ে ।

বিৰোধী দলসমূহৰ এনে প্ৰতিবাদৰ মাজতে ভাৰতীয় জনতা পাৰ্টীয়েও সংসদ চৌহদত গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজস্থান আৰু পশ্চিমবংগৰ লগতে অন্যান্য ৰাজ্যত মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে বিজেপিৰ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে, বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাৰ পৰাই কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছে যে তেওঁলোকে সংসদৰ ভিতৰত মণিপুৰ সন্দৰ্ভত আলোচনাৰ বাবে সাজু আছে । অধিৱেশনৰ আৰম্ভণিৰ পূৰ্বে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোডীয়ে ২০ জুলাইত কৈছিল যে, কোনো অভিযুক্তক ৰেহাই দিয়া নহ'ব ।

লগতে পঢ়ক :Parliament monsoon session 2023: উচ্চ সদনত অধ্যক্ষৰে বাক বিতণ্ডা সাংসদ অব্ৰেইনৰ; দুপৰীয়ালৈ স্থগিত সদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.