ETV Bharat / bharat

ৰাজস্থানত মহিলাক আক্ৰমণ কৰি দুৰ্বৃত্তই জ্বলালে ঘৰ - ৰাজস্থানৰ ধলপুৰৰ নিহালগানীত দুৰ্বৃত্তৰ এটা বৃহৎ দলে এগৰাকী মহিলাৰ ঘৰত

ৰাজস্থানৰ ধলপুৰৰ নিহালগানীত দুৰ্বৃত্তৰ এটা বৃহৎ দলে এগৰাকী মহিলাৰ ঘৰত আচম্বিতে প্ৰৱেশ কৰি নিৰ্বিচাৰভাৱে মাৰ পিট কৰাৰ লগতে ঘৰৰ সামগ্ৰীসমূহ ভাঙি নষ্ট কৰে ৷ ইয়াৰ লগতে মহিলাগৰাকীৰ বাসগৃহত অগ্নিসংযোগ কৰা ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি ।

ৰাজস্থানত দুৰ্বৃত্তৰ আক্ৰমণ
ৰাজস্থানত দুৰ্বৃত্তৰ আক্ৰমণ
author img

By

Published : Jan 17, 2021, 7:06 PM IST

Updated : Jan 17, 2021, 7:32 PM IST

নিউজ ডেস্ক, ১৭ জানুৱাৰী : ৰাজস্থানৰ ধলপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । দুৰ্বৃত্তৰ এটা দলে পাইপ এডালত অগ্নি সংযোগ কৰা ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ৰাজস্থানৰ ধলপুৰৰ নিহালগানীত দুৰ্বৃত্তৰ এটা বৃহৎ দলে এগৰাকী মহিলাৰ ঘৰত আচম্বিতে প্ৰৱেশ কৰি নিৰ্বিচাৰভাৱে মাৰ পিট কৰাৰ লগতে ঘৰৰ সামগ্ৰীসমূহ ভাঙি ছিঙি নষ্ট কৰে ৷ ইয়াতে ক্ষান্ত নাথাকি মহিলাগৰাকীৰ বাসগৃহত অগ্নিসংযোগ কৰে দলটোৱে। ফলত সমগ্ৰ এলেকাটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে ।

স্থানীয় ৰাইজে দুস্কৃতিকাৰীৰ দলটোক ধৰিবলৈ চেষ্টা কৰে যদিও ঘটনা সংঘটিত কৰি দুস্কৃতিকাৰীৰ দলটোৱে গুলীবৰ্ষণ কৰি পলায়ন কৰে ।

ইফালে ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ধনৰ লেন-দেন সম্পৰ্কীয় ঘটনাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ কথা আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহে । এই ঘটনাৰে জড়িত দুজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি সম্পূৰ্ণ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: তৃণমূল কংগ্ৰেছৰ উপ-সভাপতিৰ দায়িত্ব সাংসদ শতাব্দী ৰয়ক

Last Updated : Jan 17, 2021, 7:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.