ETV Bharat / bharat

নিয়ন্ত্ৰণৰেখাত যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ

author img

By

Published : Nov 7, 2020, 1:00 PM IST

নিয়ন্ত্ৰণৰেখাৰ পুঞ্চ আৰু কথুৱা ছেক্টৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানী সেনাৰ ৷

নিয়ন্ত্ৰণৰেখাত যুদ্ধবিৰতি উলংঘণ পাকিস্তানৰ

নিউজ ডেস্ক, 7 নৱেম্বৰ : ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিয়ন্ত্ৰণৰেখাত পুনৰবাৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে ৷ শনিবাৰে দিনৰ ভাগত আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা ভাৰতৰ সীমান্তৱৰ্তী চকীসমূহলৈ বুলি লক্ষ্য কৰি গোলাবৰ্ষণ কৰে পাকিস্তানী ৰেঞ্জাৰে ৷ পুঞ্চ আৰু কথুৱা জিলাৰ সীমান্তৱৰ্তী অঞ্চলত এই ঘটনা সংঘটিত হয় বুলি ভাৰতীয় সেনাই প্ৰকাশ কৰিছে ৷

মৰ্টাৰ আৰু সৰু অস্ত্ৰ প্ৰণালীৰে শনিবাৰে পুৱতি নিশা প্ৰায় 2:30 বজাত পুঞ্চ আৰু কথুৱা জিলাৰ হিৰানগৰ আৰু মানকোট ছেক্টৰত গুলীচালনা কৰে পাকিস্তানী সেনাই ৷ ভাৰতীয় সেনাই এই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ লগতে কোনোধৰণৰ হতাহতি সংঘটিত হোৱা নাই বুলি জনাইছে ৷ ৰাতিপুৱা প্ৰায় 4 বজাত দুয়োপক্ষৰ মাজৰ গুলীয়াগুলী বন্ধ হয় ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত মোতায়েন কেন্দ্ৰীয় বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.