নিউজ ডেস্ক, 2 জানুৱাৰী : 2021ৰ প্ৰথম দিনটোতো যুদ্ধবিৰতি উলংঘণৰ পৰা আঁতৰি নাথাকিল পাকিস্তানী সেনা ৷ ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিয়ন্ত্ৰণৰেখাত পুনৰ যুদ্ধবিৰতি উলংঘণ কৰে পাকিস্তানে ৷ নৱবৰ্ষৰ প্ৰথম দিনটোতে পাকিস্তানৰ দ্বাৰা নিয়ন্ত্ৰণৰেখাৰ জম্মু-ছেক্টৰত যুদ্ধবিৰতি উলংঘণৰ ঘটনা সংঘটিত হয় ৷ ভাৰতীয় সেনাৰ শীৰ্ষ সূত্ৰই শনিবাৰে এই কথা প্ৰকাশ কৰিছে ৷
শুকুৰবাৰে নিশাৰ ভাগত পাকিস্তানী ৰেঞ্জাৰে প্ৰায় তিনিঘন্টা সময় ধৰি মৰ্টাৰ আৰু অন্যান্য অস্ত্ৰৰে গুলিচালনা অব্য়াহত ৰাখে ৷ পাকিস্তানী ৰেঞ্জাৰৰ এই কাৰ্যৰ উচিত প্ৰত্য়ুত্তৰ প্ৰদান কৰে বিএছএফে ৷ জম্মু ছেক্টৰৰ অন্তৰ্গত ৰাজৌৰী জিলাৰ নৌশেৰা ছেক্টৰত এইদৰে যুদ্ধবিৰতি উলংঘণ কৰে পাকিস্তানে ৷
লগতে পঢ়ক : জুক' ভেলীৰ বনজুই নিৰ্বাপনৰ বাবে সেনাৰ হেলিকপ্তাৰ প্ৰেৰণ