ETV Bharat / bharat

আফগান ৰাষ্ট্ৰদূতৰ কন্যাৰ অপহৰণত ভাৰতক সাঙুৰিলে পাকিস্তানে

ভাৰত আৰু আফগানিস্তানৰ বিৰুদ্ধে আফগান ৰাষ্ট্ৰদূতৰ কন্যাৰ অপহৰণ সম্পৰ্কীয় তথ্য বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰিছে পাকিস্তানৰ এগৰাকী মন্ত্ৰীয়ে । মন্ত্ৰীগৰাকীৰ অভিযোগ একাংশ আন্তঃৰাষ্ট্ৰীয় শক্তিয়ে পাকিস্তান আৰু চীনৰ বন্ধুত্ব নিবিচাৰে যাৰ বাবে তেওঁলোকে দাচুৰ বাছ ট্ৰেজেডীৰ দৰে কাৰ্যকলাপ সংঘটিত কৰিছিল ।

author img

By

Published : Jul 21, 2021, 11:40 AM IST

Updated : Jul 21, 2021, 12:26 PM IST

Pak drags India into Afghan envoy daughter
আফগান দূতৰ কন্যাৰ অপৰহৰণকলৈ প্ৰতিক্ৰিয়া পাকিস্তানৰ মন্ত্ৰী শ্বেখ ৰছিদৰ

নেশ্যনেল ডেস্ক, ২১ জুলাই : পাকিস্তানত সংঘটিত হৈছে এক ৰহস্যজনক অপহৰণকাণ্ড । আফগান ৰাষ্ট্ৰদূত নাজিবুল্লা আলিখিলৰ (Najibullah Alikhil) জীয়ৰী চিলচিলা আলিখিলক শুকুৰবাৰে অপৰহৰণ কৰাৰ এক অভিযোগ উত্থাপন হয় । কেইবাদিন ধৰি নিৰুদ্দেশ হৈ থাকে আফগান ৰাষ্ট্ৰদূতৰ কন্যা । এই ঘটনাৰ পিছতে বিশ্বজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ।

পাকিস্তানৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন তোলে বিভিন্ন দেশে । ইফালে পাকিস্তানৰ বিৰুদ্ধে ভাৰত আৰু আফগানিস্তানে বিভিন্ন ধৰণৰ মন্তব্যও কৰা দেখা যায় । ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে পাকিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰী শ্বেখ ৰছিদ আহমেদ ( Sheikh Rasheed Ahmed ) । মন্ত্ৰীগৰাকীয়ে আফগান ৰাষ্ট্ৰদূতৰ জীয়েকক অপহৰণ সম্পৰ্কীয় তথ্য বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰত আৰু আফগানিস্তানৰ বিৰুদ্ধে ।

ৰাৱালপিণ্ডিত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ঘটনাটো অপহৰণ নহয় আৰু ই পাকিস্তানক বদনাম আৰু অস্থিৰ কৰাৰ এক সুপৰিকল্পিত প্ৰচেষ্টাৰ অংশ । পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কৰ্তৃপক্ষই চলোৱা অনুসন্ধানত ৰাষ্ট্ৰদূতৰ জীয়ৰীৰ সম্পৰ্কীয় ঘটনাটোত অপহৰণৰ কোনো প্ৰমাণ পোৱা নাই ।

ইফালে ভুক্তভোগীৰ বিবৃতি অনুসৰি তেওঁ ৰাজধানী চহৰ ইছলামাবাদৰ এখন বেকাৰীৰ দেকানলৈ গৈছিল আৰু বিয়লি টেক্সিত ঘৰলৈ উভতি আহিছিল । কিন্তু টেক্সি চালকজনে ৰাস্তাত আন এগৰাকী যাত্ৰীক তুলি লৈছিল টেক্সিত । সেই অচিনাক্ত লোকজনে ভুক্তভোগী ৰাষ্ট্ৰদূতৰ জীয়ৰীক গালি গালাজ কৰিছিল আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল । পিছত তেওঁক ৰাস্তাৰ দাঁতিত অচেতন অৱস্থাত পেলাই থৈ গৈছিল ।

ভুক্তভোগীৰ এই বিবৃতিৰ প্ৰতিক্ৰিয়া হিচাপে মন্ত্ৰী শ্বেখ ৰছিদে কয় যে, টেক্সিত কোনো ব্যক্তি নাছিল আৰু অনুসন্ধান অনুসৰি এয়া অপহৰণৰ ঘটনা নহয় । আফগান আৰু ভাৰতীয় সকলে এই ঘটনাক বিকৃতকৰণ কৰাৰ চেষ্টা কৰিছে বুলিও তেওঁ অভিযোগ কৰে । ৰছিদে তাৰ পূৰ্বে দাবী কৰিছিল যে চীন আৰু পাকিস্তানৰ মাজত ভুল বুজাবুজি আৰম্ভ কৰাৰো ষড়যন্ত্ৰও কৰা হৈছে ।

মন্ত্ৰীগৰাকীৰ অভিযোগ একাংশ আন্তঃৰাষ্ট্ৰীয় শক্তিয়ে পাকিস্তান আৰু চীনৰ বন্ধুত্ব নিবিচাৰে যাৰ বাবে তেওঁলোকে দাচুৰ বাছ ট্ৰেজেডীৰ দৰে কাৰ্যকলাপ সংঘটিত কৰিছিল । শেহতীয়াকৈ জোহৰ টাউনবিস্ফোৰণ আৰু দাচু বিস্ফোৰণৰ কথা স্মৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ঘটনাসমূহ পাকিস্তানৰ বিৰুদ্ধে কৰা হাইব্ৰিড যুদ্ধৰ একো একোটা অংশ । লগতে মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে পাকিস্তানৰ নিৰাপত্তা পৰিস্থিতি ভাল নহয় বুলি বাকী বিশ্বক এক মিছা ধাৰণা দিয়াৰ চেষ্টা কৰা হৈছে ।

লগতে পঢ়ক :লালু প্ৰসাদে হৈ থাকিব RJD ৰ ৰাষ্ট্ৰীয় সভাপতি : জগদানন্দ সিং

Last Updated : Jul 21, 2021, 12:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.