ETV Bharat / bharat

26/11 ৰ মাষ্টাৰমাইণ্ডক 15 বছৰৰ সশ্ৰম কাৰাদণ্ড - 26/11ৰ মুম্বাই আক্ৰমণ

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডক পাকিস্তানৰ কৰ্টে সন্ত্ৰাসবাদক পুঁজি যোগান ধৰাৰ অভিযোগত 15 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে ৷ লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ আৰু 26/11 ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকি-উৰ-ৰেহমান লাকভিক শুকুৰবাৰে পাকিস্তানৰ আদালতে 15 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে ৷

Pak court sentences Mumbai terror attacks conspirator Zakiur Rehman Lakhvi to 15 years imprisonment

author img

By

Published : Jan 8, 2021, 6:49 PM IST

নেচনেল ডেস্ক, 8 জানুৱাৰী:

26/11ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ জাকি-উৰ-ৰেহমান লাকভিক পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে 15 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে ৷ শুকুৰবাৰে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড গৰাকীক সন্ত্ৰাসবাদৰ বাবে পুঁজি যোগান ধৰাৰ অভিযোগত এই শাস্তি প্ৰদান কৰে ৷

শনিবাৰে পঞ্জাৱ প্ৰদেশৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী বিভাগ (চিটিডি) য়ে 2015 চনৰ পৰা জামিনত থকা 61 বৰ্ষীয় সন্ত্ৰাসবাদী গৰাকীক গ্ৰেপ্তাৰ কৰিছিল ৷ এন্টি-টেৰ'ৰিজিম এক্ট 1997 ৰ আধাৰত বিভিন্ন ধাৰাত চিটিডিয়ে 15 বছৰৰ বাবে তৰা এক গোচৰৰ ভিত্তিত লাহোৰৰ এন্টি-টেৰ'ৰিজিম কৰ্টে লাখভিক সন্ত্ৰাসবাদত পুঁজি যোগানৰ অভিযোগত দোষী সাব্যস্ত কৰে ৷

লগতে পঢ়ক:26/11 মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

বিচাৰক ইজাজ আহমেদ বাট্টাৰে লাখভিক তিনিটা গোচৰৰ প্ৰত্যেকটোতে পাকিস্তানী মূল্যৰ 100,000 টকাৰ জৰিমনা সহ পাঁচ বছৰকৈ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে ৷ অৱশ্যে আদলতত লাখভিয়ে কয় যে এই গোচৰত তেওঁক মিছাকৈ দোষী সাব্যস্ত কৰা হৈছে ৷

লগতে পঢ়ক: দেৱ-দেৱীৰ নামত বিজ্ঞাপন প্ৰচাৰত নিষেধাজ্ঞা বোম্বে উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.