ETV Bharat / bharat

ৰাজ্যৰ ব্যক্তিগত হাস্পতালত মজুত আছে 3.29 কোটি ভেকচিন - প্ৰতিষেধক প্ৰদান কাৰ্যসূচী

ডিচেম্বৰ মাহৰ ভিতৰত ১৮ বছৰৰ ঊৰ্ধৰ সকলো লোককে ভেকচিন প্ৰদানৰ লক্ষ্য আগত ৰাখি ইতিমধ্যে অতি ক্ষীপ্ৰতাৰে টীকাকৰণ (Vaccination) প্ৰক্ৰিয়া চলাই গৈছে চৰকাৰে । যোৱা ২১ জুনৰ পৰা বিশাল ৰূপত টীকাকৰণ অভিযান আৰম্ভ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে এতিয়ালৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৪৫.৩৭ কোটিৰো অধিক ভেকচিনৰ পালি প্ৰদান কৰা হৈছে ।

unutilised vaccine doses still available
ৰাজ্য আৰু ব্যক্তিগত হাস্পতালত মজুত আছে ৩ কোটিৰো অধিক ভেকচিন
author img

By

Published : Jul 25, 2021, 5:12 PM IST

নেশ্যনেল ডেস্ক, ২৫ জুলাই : দেশজুৰি চলি আছে প্ৰতিষেধক (Vaccine) প্ৰদান কাৰ্যসূচী । ডিচেম্বৰ মাহৰ ভিতৰত ১৮ বছৰৰ ঊৰ্ধৰ সকলো লোককে ভেকচিন প্ৰদানৰ লক্ষ্য আগত ৰাখি ইতিমধ্যে অতি ক্ষীপ্ৰতাৰে টীকাকৰণ (Vaccination) প্ৰক্ৰিয়া চলাই গৈছে চৰকাৰে । যোৱা ২১ জুনৰ পৰা বিশাল ৰূপত টীকাকৰণ অভিযান আৰম্ভ কৰিছিল কেন্দ্ৰীয় চৰকাৰে । যাৰ বাবে প্ৰতিখন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চললৈ ভেকচিনৰ যোগান দ্ৰুত কৰিছে ভাৰত চৰকাৰে ।

প্ৰস্তুতকৰ্তাসকলৰ পৰা ক্ৰয় কৰি ৭৫ শতাংশ ভেকচিন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিনামূলীয়াকৈ যোগান ধৰাৰো ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে (Central Government) । ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ দাবী এতিয়া যথেষ্ট পৰিমাণে ভেকচিন মজুত আছে চৰকাৰৰ হাতত । দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (Central Health Ministry) জনোৱা মতে ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ব্যক্তিগত চিকিৎসালয়ৰ বাবে এতিয়াও ৩.২৯ কোটিতকৈও অধিক ব্যৱহাৰ নোহোৱা ভেকচিন মজুত আছে ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে এতিয়ালৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৪৫.৩৭ কোটিৰো অধিক ভেকচিনৰ পালি প্ৰদান কৰা হৈছে ।

লগতে ১১,৭৯,০১০ পালি ভেকচিন পঠিয়াবলৈ সাজু হৈ আছে । ইয়াৰ ভিতৰত অপচয়কে ধৰি দেশত মুঠ ব্যৱহাৰ হৈছে ৪২,০৮,৩২,০২১ পালি ভেকচিন । ইফালে তথ্য অনুসৰি দেশৰ প্ৰায় ৯.২৮ কোটি লোকে ভেকচিনৰ দুয়োটা পালিয়ে গ্ৰহণ কৰিছে ।

কেন্দ্ৰীয় চৰকাৰে টীকাকৰণৰ ক্ষেত্ৰত ক্ষীপ্ৰতা দেখুৱাইছে যদিও বহু স্থানত কিন্তু ভেকচিনৰ নাটনিৰ অভিযোগ উঠিছে । আন কি দেশৰ বহু ৰাজ্যৰ ভেকচিন প্ৰদান কেন্দ্ৰবোৰত ভেকচিনৰ নাটনি দেখা গৈছে । ভেকচিনৰ নাটনিৰ বাবে এতিয়াও বহু লোকে প্ৰথম পালি গ্ৰহণ কৰিব পৰা নাই বুলিও অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক : দেশৰ অৰ্থনীতি সন্দৰ্ভত ড০ মনমোহন সিঙৰ মন্তব্যক সমালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.