ETV Bharat / bharat

Unutilized COVID vaccine : এতিয়াও ৰাজ্যসমূহত মজুত আছে অব্যৱহৃত ১৭ কোটি ক'ভিড প্ৰতিষেধক

ক'ভিডৰ সংক্ৰমণ বৃদ্ধিৰ সমান্তৰালকৈ দেশত টীকাকৰণ অভিযান অব্যাহত আছে (Vaccination drive in India)। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এতিয়াও ১৭.৭৪ কোটিতকৈ অধিক অব্যৱহৃত ক'ভিড প্ৰতিষেধকৰ পালি মজুত আছে । ১৫৫.৯৫ কোটিৰো অধিক প্ৰতিষেধকৰ পালি ৰাজ্যসমূহলৈ যোগান ধৰিছে কেন্দ্ৰীয় চৰকাৰে ।

Unutilized COVID vaccine
ৰাজ্যসমূহত মজুত আছে অব্যৱহৃত ১৭ কোটি ক'ভিড প্ৰতিষেধক
author img

By

Published : Jan 9, 2022, 9:36 PM IST

নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী : দেশত পুনৰ ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে । যাৰ বাবে দেশজুৰি টীকাকৰণ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে (Vaccination drive in India)। কেন্দ্ৰীয় চৰকাৰেও প্ৰতিখন ৰাজ্যকে দ্ৰুত গতিত টীকাকৰণ অভিযান চলাবলৈ নিৰ্দেশ দিছে । ইফালে দেশত ১৫ৰ পৰা ১৮ বছৰ উৰ্ধৰ কিশোৰ-কিশোৰীসকলক প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । সমান্তৰালকৈ তৃতীয় পালি প্ৰতিষেধক প্ৰদানৰ অভিযানো আৰম্ভ হৈছে । কিন্তু সকলোৰে মনত এটাই প্ৰশ্ন চৰকাৰৰ হাতত ক'ভিড প্ৰতিষেধক পৰ্যাপ্ত পৰিমাণে আছে নে ?

অৱশ্যে দেওবাৰে কেন্দ্ৰীয় চৰকাৰে ক'ভিড প্ৰতিষেধক সন্দৰ্ভত বিশেষ তথ্য প্ৰকাশ কৰিছে । চৰকাৰৰ মতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এতিয়াও ১৭.৭৪ কোটিতকৈ অধিক অব্যৱহৃত ক'ভিড প্ৰতিষেধকৰ পালি মজুত আছে । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এক বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰসমূহে এতিয়ালৈ ক্ৰয় কৰিছে মুঠ ১৫৫.৯৫ কোটিৰো অধিক (১,৫৫,৯৫,৩৫,২৯৫) ক'ভিড প্ৰতিষেধকৰ পালি ।

ইয়াৰে ১৭,৭৪,২৫,৭৬১ অব্যৱহৃত প্ৰতিষেধকৰ পালি এতিয়াও ৰাজ্যসমূহৰ হাতত মজুত আছে (States have over 17 crore unutilized covid vaccines)।

ইফালে প্ৰতিষেধকৰ উপলব্ধতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে দ্ৰুতগতিত টীকাকৰণ অভিযান অব্যাহত ৰাখিছে । উল্লেখ্য যে, দেশজুৰি টীকাকৰণৰ অভিযানৰ অংশস্বৰূপে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰসমূহক ক'ভিড প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে । শেহতীয়া টীকাকৰণ অভিযানৰ সময়ত প্ৰতিষেধক নিৰ্মাতাসকলৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৭৫ শতাংশ প্ৰতিষেধক ক্ৰয় কৰি ৰাজ্যসমূহলৈ বিনামূলীয়াকৈ যোগান ধৰিছে ।

লগতে পঢ়ক :Covid cases in India: দেশত শনিবাৰেও ১ লাখৰ অধিক লোক আক্ৰান্ত কৰ'ণাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.