ETV Bharat / bharat

Turtles found dead: পানীৰ উপঙিছে শ শ কাছ; অস্বাভাৱিক মৃত্যুক লৈ চাঞ্চল্য - প্ৰদূষিত পানীৰ বাবে শ শ কাছৰ আকস্মিক মৃত্যু

গুজৰাটৰ ভাৱনগৰৰ কুম্ভৰৱাড়াৰ আৰ্দ্ৰভূমি অঞ্চলত 100 তকৈও অধিক কাছৰ মৃত্যু হয় ৷ বিষয়াসকলে প্ৰাৰম্ভিক তদন্ত কোৱা অনুসৰি প্ৰদূষিত পানীৰ বাবে বা অখাদ্য পদাৰ্থ গ্ৰহণ কৰি কাছসমূহৰ মৃত্যু হয় ৷

manipur-opposition-mps-delegations-second-and-final-day-of-visit-to-violence-hit-areas
প্ৰদূষিত পানীৰ বাবে শ শ কাছৰ আকস্মিক মৃত্যু
author img

By

Published : Jul 30, 2023, 4:45 PM IST

Updated : Jul 30, 2023, 4:51 PM IST

নেশ্যনেল ডেস্ক, 30 জুলাই : কলুষিত পানীয়ে প্ৰাণ ল’লে শ শ জলচৰ প্ৰাণী ৷ দেওবাৰে গুজৰাটৰ ভাৱনগৰৰ কুম্ভৰৱাড়াৰ আৰ্দ্ৰভূমি অঞ্চলত 100 তকৈও অধিক কাছ মৃত অৱস্থাত পানীত উপঙি থকা অৱস্থা প্ৰত্যক্ষ কৰা হৈছিল ৷ স্থানীয় লোকে আজি পুৱা পানীত বহুতো কাছ ওপঙি থকা দেখি মৰ্মাহত হৈ পৰে ৷ কিছু লোকে যোৱা নিশা কাছসমূহক ৰুটি খুৱাইছিল ৷

এই ঘটনা দেখিয়েই লগে লগে স্থানীয় লোকে বন বিভাগক অৱগত কৰে ৷ খবৰ পোৱাৰ পিচতে ঘটনাস্থলীত ৰাজ্যিক বন বিভাগৰ লোক উপস্থিত হৈ মৃত কাছ উদ্ধাৰ হোৱা ঠাইখিনি পৰিদৰ্শন কৰে ৷ বিষয়াসকলে প্ৰাৰম্ভিক তদন্ত কোৱা অনুসৰি প্ৰদূষিত পানীৰ বাবে বা অখাদ্য পদাৰ্থ গ্ৰহণ কৰি কাছসমূহৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে ৷

অৱশ্যে এতিয়ালৈকে বন বিভাগৰ লোকে কাছকেইটাৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা নাই ৷ বন বিভাগৰ লোকে সন্দেহ কৰা অনুসৰি কোনো লোকে পানীত অখাদ্য সামগ্ৰী পেলাই দিছিল, সেইসমূহ কাছই ভক্ষণ কৰিছিল, তাৰ পিচতে কাছকেইটাৰ মৃত্যু হ’ব পাৰে ৷ এই ঘটনা উদ্দেশ্যপ্ৰণোদিতভাৱে নহৈ ভুলবশতও হ’বও পাৰে বুলি এগৰাকী বন বিষাই জানিবলৈ দিয়ে ৷ এতিয়াও ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বন বিভাগৰ লোকে ৷

ইতিমধ্যে বন বিষয়াৰ বিশেষজ্ঞৰ দলটোৱে বিশেষ জোতা আৰু হাতমোজা পিন্ধি পানীৰ পৰা কাছসমূহৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷ কাছসমূহৰ মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জুনাগড়লৈ প্ৰেৰণ কৰা হ'ব ৷ আৰএফঅ’ দিব্যাৰাজ সিং সৰ্বাই জনোৱা অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চোৱাৰ পিচতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ৷

লগতে পঢ়ক: Delhi Cop killed : ট্ৰাকৰ খুন্দাত নিহত দিল্লী আৰক্ষীৰ পৰিদৰ্শক

Last Updated : Jul 30, 2023, 4:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.