ETV Bharat / bharat

দিল্লীত ঘন কুঁৱলীৰ প্ৰভাৱ, ১০০ ৰো অধিক বিমানৰ যাত্ৰাত বিলম্ব - Flights delayed from Delhi

শেহতীয়াকৈ ৰাজধানী দিল্লীত ঘন কুঁৱলীৰ গুৰুতৰ প্ৰভাৱ দেখা গৈছে (Dense fog grips Delhi)। যোৱা কিছু দিনত শ শ বিমানৰ যাত্ৰা বিলম্ব হোৱাৰ লগতে বাতিলো কৰা হৈছে । দেওবাৰে পুনৰ ১০০ৰো অধিক বিমানৰ যাত্ৰাত বিলম্ব । একেদৰে ২২ খন ৰে'লো পলমকৈ চলি আছে ।

Delhi fog
দিল্লীত ঘন কুঁৱলীৰ প্ৰভাৱ, ১০০ ৰো অধিক বিমানৰ যাত্ৰাত বিলম্ব
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 12:50 PM IST

নেশ্যনেল ডেস্ক,১৪ জানুৱাৰী : প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীয়ে ৰাজধানী দিল্লীত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । যান-বাহনৰ চলাচলত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে । আৰ কে পুৰম এলেকাত সৰ্বনিম্ন তাপমাত্ৰা পুৱতি নিশা ৭ ডিগ্ৰী চেলচিয়াছত উপনীত হৈছে । এগৰাকী বিষয়াৰ মতে প্ৰতিকূল বতৰৰ বাবে ১০০ তকৈও অধিক বিমান আৰু ২২ খন ৰে'ল বিলম্ব হৈছে ।

বিষয়াগৰাকীৰ মতে ৬ খন বিমান পুৱা ৪.৩০ বজাৰ পৰা পুৱা ৭.৩০ বজাৰ ভিতৰত জয়পুৰলৈ আৰু এখন বিমান মুম্বাইলৈ স্থানান্তৰ কৰা হৈছে । দেওবাৰে দিল্লী আৰু উত্তৰ ভাৰতৰ অন্যান্য অংশত কুঁৱলীৰ ঘন আচ্ছাদন দেখা গৈছে । ফলত কেইবাঠাইতো দৃশ্যমানতাৰ স্তৰ শূন্য মিটাৰলৈ হ্ৰাস পাইছে । এনে পৰিস্থিতিত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিবলৈ আৰু গাড়ী চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে ।

দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ পালম অবজাৰ্ভেটৰীয়ে পুৱা ৫ বজালৈ দৃশ্যমানতাৰ স্তৰ শূন্য মিটাৰলৈ হ্ৰাস হোৱাৰ তথ্য প্ৰকাশ কৰিছে । প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে সকলোকে সাৱধানে গাড়ী চলাবলৈ পৰামৰ্শ দিছে । ইফালে পদপথত থকা গৃহহীন লোকসকলে চৰকাৰৰ দ্বাৰা পৰিচালিত শিবিৰত নিশা আশ্ৰয় লৈছে । আশ্ৰয় শিবিৰবোৰত লোকসকলক কম্বল, বিচনা, গৰম পানী আৰু খাদ্যৰ যোগান ধৰা হয় ।

দিল্লীৰ সমান্তৰালকৈ পাঞ্জাব, হাৰিয়ানা, উত্তৰ ৰাজস্থান আৰু উত্তৰ প্ৰদেশতো ঘন কুঁৱলীয়ে প্ৰভাৱিত কৰিছে । ইফালে পৰৱৰ্তী তিনিৰ পৰা চাৰি দিনৰ ভিতৰত উত্তৰ-পশ্চিম ভাৰতৰ বিচ্ছিন্ন অঞ্চলত পুৱা কুঁৱলীৰ প্ৰভাৱ থকাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :সুকলমে গুৱাহাটী আহি পালে ঘন কুঁৱলীৰ বাবে ঢাকাত অৱতৰণ কৰা মুম্বাই-গুৱাহাটী ইণ্ডিগ বিমান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.