ETV Bharat / bharat

Term of President Ram Nath Kovind: ৫ বছৰীয়া কাৰ্যকালত ২০৩ৰো অধিক বিধেয়কত সন্মতি দিছে ৰাষ্ট্ৰপতি কোবিন্দে

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিজৰ কাৰ্যকালত ২০৩ৰো অধিক বিধেয়কত সন্মতি প্ৰদান কৰিছে (Ram Nath Kovind gave assent to over 203 bills) যদিও আজিলৈ তাৰ বহুখিনিয়ে কাৰ্যকৰী হোৱা নাই । বহুকেইখন বিধেয়ক এতিয়াও আইনৰ ৰূপান্তৰিত হোৱা নাই । ৰামনাথ কোবিন্দে সন্মতি দিয়া তিনিখন বিতৰ্কিত কৃষি আইন পৰৱৰ্তী পৰ্যায়ত বাতিল কৰা হয় । নাগৰিকত্ব সংশোধনী বিধেয়ক আজিও কাৰ্যকৰী হোৱা নাই ।

author img

By

Published : Jul 13, 2022, 10:46 AM IST

Term of President Ram Nath Kovind
২০৩ৰো অধিক বিধেয়কত সন্মতি দিছে ৰাষ্ট্ৰপতি কোবিন্দে

নেশ্যনেল ডেস্ক,১৩ জুলাই : কাৰ্যকাল শেষ হ'বলৈ আৰু কেইটামান দিনহে বাকী আছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ । যোৱা ৫ বছৰত ৰামনাথ কোবিন্দৰ কাৰ্যকাল বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । তাৰ ভিতৰত চাবলৈ গ'লে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁৰ ৫ বছৰীয়া কাৰ্যকালত ২০৩ খনতকৈও অধিক কেন্দ্ৰীয় বিধেয়কত সন্মতি প্ৰদান কৰিছে (Ram Nath Kovind has given assent to over 203 central bills)। অৱশ্যে চৰকাৰে এতিয়ালৈ সেইবোৰৰ বহুখিনিয়ে আইনলৈ ৰূপান্তৰিত আৰু কাৰ্যকৰী কৰা নাই ।

ইয়াৰে কিছুমান আকৌ ৰাষ্ট্ৰপতিৰ সন্মতিৰ তিনি বছৰৰ পাছতো কাৰ্যকৰী হোৱা নাই । ২০১৯ চনৰ ১২ ডিচেম্বৰত ৰাষ্ট্ৰপতি কোবিন্দে সন্মতি প্ৰদান কৰা নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৯ (Citizenship Amendment Bill) এতিয়াও দেশত কাৰ্যকৰী হোৱা নাই । গৃহ মন্ত্ৰালয়ে এতিয়াও ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে নিয়ম প্ৰস্তুত কৰা নাই । এপ্ৰিলত, মন্ত্ৰালয়ে সংসদৰ অধীনস্থ আইনৰ পৰা চি.এ.এ.-ৰ বাবে নিয়ম প্ৰস্তুত কৰাৰ বাবে আৰু ছয় মাহৰ সময় বিচাৰিছিল ।

ধৰ্মীয় অত্যাচাৰৰ বলি হৈ চুবুৰীয়া আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টান আৰু পাৰ্চীকে ধৰি ছয়টা সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ভাৰতীয় নাগৰিকত্ব দিয়াৰ লক্ষ্যৰে চৰকাৰে আইনখন প্ৰৱৰ্তন কৰে । CAA-ৰ মতে, ২০১৪ চনৰ ৩১ ডিচেম্বৰত বা তাৰ পূৰ্বে ভাৰতলৈ অহা প্ৰব্ৰজনকাৰীসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব ।

আনহাতে ২০২২ চনৰ ১৮ এপ্ৰিলত ৰাষ্ট্ৰপতি কোবিন্দে আৱণ্টন কৰা ফৌজদাৰী প্ৰক্ৰিয়া (চিনাক্তকৰণ) বিধেয়ক, ২০২২ (Criminal Procedure Identification Bill) এতিয়াও নিয়মৰ অভাৱত কাৰ্যকৰী হোৱা নাই । বেছিভাগ বিৰোধী দলে বিধেয়কখনৰ বিৰোধিতা কৰি কৈছিল যে এয়া এগৰাকী ব্যক্তিৰ মৌলিক অধিকাৰৰ পোনপটীয়া উলংঘন । আনকি বহুকেইখন ৰাজ্যৰ চৰকাৰেও ফৌজদাৰী প্ৰক্ৰিয়া (চিনাক্তকৰণ) বিধেয়ক, ২০২২-ৰ বিৰোধিতা কৰিছিল । গৃহ মন্ত্ৰালয়ে ৰাজ্যৰ গৃহ বিভাগ আৰু অংশীদাৰসকলৰ ওচৰলৈ গৈ আইনখনৰ বাবে নিয়ম প্ৰস্তুত কৰাৰ বাবে তেওঁলোকৰ পৰামৰ্শ বিচাৰিছে ।

এই আইনৰ অৰ্থ হৈছে আইন প্ৰৱৰ্তনকাৰী সংস্থাবোৰক দোষী সাব্যস্ত হোৱা লোকসকলৰ উপৰিও অপৰাধৰ অভিযুক্ত লোকসকলৰ বায়'মেট্ৰিক তথ্য সংগ্ৰহ আৰু ৰাখিবলৈ অনুমতি দিয়ে । ২০২০ চনৰ ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিয়ে তিনিখন সৰ্বাধিক বিতৰ্কিত কৃষি বিধেয়কত সন্মতি প্ৰদান কৰিছিল ।

কিন্তু কৃষকসকলৰ দেশজুৰি হোৱা প্ৰতিবাদৰ অন্তত, কেন্দ্ৰীয় চৰকাৰে সংসদত কৃষি আইন বাতিল বিধেয়ক, ২০২১ গৃহীত কৰে । লগতে ৰাষ্ট্ৰপতি কোবিন্দে ২০২১ চনৰ ৩০ নৱেম্বৰ তাৰিখে ইয়াক সন্মতি প্ৰদান কৰে । চৰকাৰে বাতিল কৰা তিনিখন কৃষি আইন হৈছে কৃষিজাত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য ( উত্তৰণ আৰু সহায়তা) আইন-২০২০ (Farmer's Produce Trade and Commerce (Promotion and Facilitation) Act), দৰ নিশ্চয়তা আৰু কৃষি সেৱা চুক্তিৰে কৃষক (সবলীকৰণ আৰু নিৰাপত্তা) আইন-২০২০ (Farmers (Empowerment and Protection) Agreement of Price Assurance and Farm Services Act), অত্যাৱশ্যকীয় সামগ্ৰীৰ সংশোধনী বিল ২০২০ (Essential Commodities (Amendment) Act) ।

আটাইতকৈ গুৰুত্বপূৰ্ণ বিধেয়কসমূহৰ ভিতৰত অন্যতম আছিল ভাৰতৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ এটাক অধিক ক্ষমতা প্ৰদান কৰা । সেয়া হৈছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা বিধেয়ক, ২০১৯ (National Investigation Agency Bill)। ২০১৯ চনৰ ২৪ জুলাইত ৰাষ্ট্ৰপতিয়ে সন্মতি প্ৰদান কৰা বিধেয়কখনে এনআইএ (NIA) বিষয়াসকলক ভাৰতৰ বাহিৰত সংঘটিত অপৰাধৰ তদন্ত কৰাৰ ক্ষমতা প্ৰদান কৰে আৰু বিশেষ আদালত স্থাপনৰ নিৰ্দেশ দিয়ে ।

একেদৰে,২০১৯ চনৰ ৮ আগষ্টত ৰাষ্ট্ৰপতিয়ে সন্মতি প্ৰদান কৰা বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) বিধেয়ক, ২০১৯-য়ে চৰকাৰক সন্ত্ৰাসবাদী কাৰ্যকলাপত অংশগ্ৰহণ কৰাৰ বাবে যিকোনো ব্যক্তিক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ ক্ষমতা প্ৰদান কৰে ।

লগতে পঢ়ক :The Great Khali: গ্ৰেট খালীৰ বিৰুদ্ধে টোল প্লাজাৰ কৰ্মচাৰীক প্ৰহাৰৰ অভিযোগ; ভাইৰেল হৈছে ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.