ETV Bharat / bharat

১৫ আগষ্টৰ পিছত অনুষ্ঠিত হ'ব CBSE ৰ বিকল্প শাৰীৰিক পৰীক্ষা - CBSE

CBSE ৰ দ্বাদশ শ্ৰেণীৰ যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষাৰ ফলাফলক লৈ সন্তুষ্ট নহ'ব তেওঁলোকক ১৫ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰৰ ভিতৰত শাৰীৰিকভাৱে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া হ'ব । উচ্চতম ন্যায়ালয়ক এই কথা জনাইছে CBSE য়ে ।

Optional physical exams from 15 Aug to 15 Sep for class 12
১৫ আগষ্টৰ পিছত অনুষ্ঠিত হ'ব CBSEৰ বিকল্প শাৰীৰিক পৰীক্ষা
author img

By

Published : Jun 21, 2021, 7:09 PM IST

নেশ্যনেল ডেস্ক, ২১ জুন : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে উচ্চতম ন্যায়ালয়ক জনাইছে যে দ্বাদশ শ্ৰেণীৰ যিসকল শিক্ষাৰ্থীয়ে তেওঁলোকৰ পৰীক্ষাৰ ফলাফলক লৈ সন্তুষ্ট নহ'ব, সেইসকলক শাৰীৰিকভাৱে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা প্ৰদান কৰা হ'ব । ১৫ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰৰ ভিতৰত যিকোনো সময়তে অনুষ্ঠিত হ'ব পৰীক্ষা । ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকলক বিকল্প পৰীক্ষাৰ বাবে তাৰিখ প্ৰদান কৰা, বিবাদ নিষ্পত্তি প্ৰণালী আৰু ফলাফল ঘোষণাৰ বাবে সময় নিৰ্ধাৰণ কৰাৰ বাবে শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশনাৰ উত্তৰত CBSE য়ে এই নতুন শপতনামা আদালতত দাখিল কৰিছে । ব'ৰ্ডে পৰীক্ষা বাতিল কৰিবলৈ বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশনাবোৰ দিয়ে ।

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে আদালতক জনাইছে যে, ১৫ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব । লগতে জনায় যে, ফলাফল গণনা সম্পৰ্কে শিক্ষাৰ্থীসকলৰ বিবাদৰ বাবে পৰিষদে এখন সমিতি গঠন কৰিব আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হ'ব । কম্পাৰ্টমেণ্টেল/ব্যক্তিগত শিক্ষাৰ্থীৰ বাবে এই নীতি ২০১৯-২০২০ ৰ মূল্যায়ন নীতিৰ সৈতে সামঞ্জস্য ৰাখি প্ৰযোজ্য হ'ব বুলি পৰিষদে আদালত জনায় আৰু শীৰ্ষ আদালতে ইয়াত অনুমোদন জনায় । পৰীক্ষা সম্পৰ্কীয় বিষয়ৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ এ এম খানউইলকাৰে ।

অভিভাৱক সংগঠনৰ তৰফৰ পৰা যুক্তি দিয়া হৈছিল যে, শিক্ষাৰ্থীসকলক কেৱল আৰম্ভণিতে শাৰীৰিকভাৱে উপস্থিত হোৱাৰ সুযোগ দিব লাগে আৰু CBSE আৰু ICSE ৰ এক অভিন্ন নীতি থাকিব লাগে । তেওঁলোকৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে আদালতক অনুৰোধ জনায় যে, দুয়োখন ব’ৰ্ডে ঘোষণা কৰা নীতি অতি জটিল ৷ আনকি শিক্ষকসকলেও এই নীতি ভালদৰে বুজিব পৰা নাই তেওঁ আদালতত কয় ।

সিঙে দাখিল কৰা অনুসৰি, শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন নথিভুক্ত নকৰা বিদ্যালয়সমূহে সাল-সলনি কৰাৰ সম্ভাৱনাও আছে । ৰাজ্যিক পৰিষদৰ ক্ষেত্ৰত আদালতক জনোৱা হৈছিল যে, অসম, ত্ৰিপুৰা আৰু পঞ্জাৱে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছে ৷ আদালতে এই বিষয়ত কেৰালা আৰু অন্ধ্ৰ প্ৰদেশৰ প্ৰতিক্ৰিয়া বিচাৰে । ব'ৰ্ড পৰীক্ষা সম্পৰ্কীয় আৱেদনসমূহৰ শুনানি সোমবাৰে গ্ৰহণ কৰা হ'ব ৷

লগতে পঢ়ক: ভাৰতত কেতিয়া হ‘ব ক'ভিডৰ তৃতীয়টো সংক্ৰমণ: IIT কানপুৰৰ নতুন তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.