ETV Bharat / bharat

Unparliamentary words: অসংসদীয় শব্দ প্ৰয়োগ বাধাৰ বিৰুদ্ধে সৰৱ জ্যেষ্ঠ সাংসদ

author img

By

Published : Jul 14, 2022, 3:18 PM IST

লোকসভা সচিবালয়ে "অসংসদীয়" হিচাপে ঘোষণা কৰা শব্দৰ তালিকা এখন প্ৰকাশ কৰাৰ পাছতেই কেইবাগৰাকী জ্যেষ্ঠ সাংসদে তীব্ৰ সমালোচনা কৰিছে (Lok Sabha Secretariat released list of word unparliamentary)। উক্ত তালিকাখন অহা ১৮ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে প্ৰকাশ কৰাৰ লগে লগেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

g
Unparliamentary words: অসংসদীয় শব্দ প্ৰয়োগৰ বাধাৰ বিৰুদ্ধে সৰৱ জ্যেষ্ঠ সংসদ

নেচনেল ডেস্ক, ১৪ জুলাই:লোকসভা সচিবালয়ে "অসংসদীয়" হিচাপে ঘোষণা কৰা শব্দৰ তালিকা এখন প্ৰকাশ কৰাৰ পাছতেই কেইবাগৰাকী জ্যেষ্ঠ সাংসদে তীব্ৰ সমালোচনা কৰিছে (Lok Sabha Secretariat released list of word unparliamentary)। উক্ত তালিকাখন অহা ১৮ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে প্ৰকাশ কৰাৰ লগে লগেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘোষণা কৰা তালিকাখনত নিষিদ্ধ কৰা শব্দবোৰৰ ভিতৰত 'দুৰ্নীতি', 'দুৰ্নীতিগ্ৰস্ত', 'জুমলাজীভি','তানাশ্বাহ','একনায়কত্ব','ক'লা' আৰু 'খলিস্তানী'ৰ দৰে বহুতো শব্দৰ ব্যৱহাৰ অন্যতম । এই তালিকা প্ৰকাশৰ পাছতে জয়ৰাম ৰমেশ, ডেৰেক অ'ব্ৰাইন, ৰণদীপ সুৰজেৱালা, প্ৰিয়ংকা চতুৰ্বেদীকে ধৰি সংসদৰ জ্যেষ্ঠ সদস্যসকলে এনে অধিসূচনাৰ আঁৰৰ উদ্দেশ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে (Senior MP Jairam Ramesh, Derek O Brien, Randeep Surjewala Priyanka Chaturvedi questioned on notification)।

পশ্চিম বংগৰ ৰাজ্যসভাৰ সাংসদ আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সদস্য ডেৰেক অ'ব্ৰায়েনে এক টুইটত কয়,'অধিৱেশন কেইদিনমানৰ ভিতৰতে আৰম্ভ হ'ব । সাংসদসকলৰ ওপৰত গেজেট আদেশ জাৰি কৰা হৈছে । এতিয়া সংসদত ভাষণ দিয়াৰ সময়ত আমাক এই মৌলিক শব্দবোৰ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ'ব:লজ্জিত । উৎপীড়ন কৰা হৈছে । বিশ্বাসঘাতকতা কৰা হৈছে । দুৰ্নীতিগ্ৰস্ত, ভণ্ডামি, অক্ষম এই সকলোবোৰ শব্দ ব্যৱহাৰ কৰিম । মোক নিলম্বন কৰক ।গণতন্ত্ৰৰ বাবে এই যুঁজ ।'

উল্লেখ্য় যে ভাৰতৰ বিভিন্ন আইনী সংস্থাৰ অধ্যক্ষৰ দ্বাৰা সময়ে সময়ে অসংসদীয় ঘোষণা কৰা কিছুমান শব্দ আৰু অভিব্যক্তি সংসদত ভৱিষ্যতে প্ৰস্তুত প্ৰসংগৰ বাবে লোকসভা সচিবালয়ে সংকলিত কৰিছে । বৰ্তমানৰ এই সংকলনটোত ২০২১ চনত লোকসভা, ৰাজ্যসভা আৰু ৰাজ্যিক আইনসভাত অসংসদীয় ঘোষণা কৰা শব্দ আৰু অভিব্যক্তিৰ প্ৰসংগও উল্লেখ কৰা আছে । বিশেষ শব্দবোৰ কীৱৰ্ডৰ সৈতে সাদৃশ্য় ৰাখি সজোৱা হৈছে । কী-ৱৰ্ডবোৰ প্ৰাসঙ্গিক অভিব্যক্তি/শব্দৰ পৰা বাছনি কৰি ব্যৱহাৰকাৰীসকলে দ্ৰুত আৰু সহজে ব্য়ৱহাৰৰ সুবিধাৰ বাবে বৰ্ণানুক্ৰমিক ক্ৰমত সজোৱা হৈছে ।

লগতে পঢ়ক:UNPARLIAMENTARY WORDS : অসংসদীয় শব্দৰ তালিকাত ‘অযোগ্য’, ‘দুর্নীতিগ্রস্ত’, ‘স্বৈৰাচাৰী’, ‘শকুনি’ৰ দৰে শব্দৰ স্থান !

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.