ETV Bharat / bharat

কৃষক সকলৰ মাজত বিৰোধীয়ে ভূৱা প্ৰচাৰ চলাইছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

গৃহ জিলা গুজৰাটত এটা প্ৰকল্পৰ কাম আধাৰ শিলা স্থাপন কৰি মোডীয়ে ক'লে দিল্লীমুখী কৃষক সকলক কৃষি আইনৰ সন্দৰ্ভত বিপথে পৰিচালিত কৰা হৈছে ৷ যাৰ বাবে কৃষক সকলে এই আইনক লৈ শংকা ভোগ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে মোডীয়ে ৷

opposition-misleading-farmers-as-part-of-conspiracy-pm-modi
কৃষক সকলৰ মাজত বিৰোধীয়ে ভূৱা প্ৰচাৰ চলাইছে
author img

By

Published : Dec 15, 2020, 10:26 PM IST

নিউজ ডেস্ক, 15 ডিচেম্বৰ: কৃষক আন্দোলনক লৈ পুনৰ বিৰোধীলে দোষ থেলিলে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ গৃহ জিলা গুজৰাটত এটা প্ৰকল্পৰ কাম আধাৰ শিলা স্থাপন কৰি মোডীয়ে ক'লে দিল্লীমুখী কৃষক সকলক কৃষি আইনৰ সন্দৰ্ভত বিপথে পৰিচালিত কৰা হৈছে ৷

এই উপলক্ষে অনুষ্ঠিত সভাত তেওঁ কয়, কৃষি আইনৰ সন্দৰ্ভত কৃষক সকলৰ মাজত বিৰোধীয়ে ভূৱা প্ৰচাৰ চলাইছে ৷ যাৰ বাবে কৃষক সকলে এই আইনক লৈ শংকা ভোগ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে মোডীয়ে ৷

ইফালে ভাষণত চৰকাৰ 24 ঘন্টাই কৃষকৰ স্বাৰ্থৰ পক্ষত থাকিব বুলি আশ্বাস প্ৰদান কৰি মোডীয়ে ক্ষুধাৰ সমালোচনা কৰে বিৰোধী পক্ষক ৷ তেওঁ কয়, 'বিৰোধী দল সমূহ যেতিয়া ক্ষমতাত আছিল তেতিয়া কৃষি আইনৰ সংস্কাৰ সাধনৰ পক্ষত আছিল ৷'

'বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যেতিয়া কৃষি আইন সংস্কাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে তেতিয়া তেওঁলোকে বিৰোধীতা কৰাত লাগিল ৷' বৰ্তমান বিৰোধীয়ে কৃষক সকলক বিপথে পৰিচালিত কৰি তেওঁলোকৰ এজেন্দা পূৰণ কৰিব বিচাৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃবৰদিনক লৈ উখল-মাখল পৰিৱেশ মহানগৰীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.