ETV Bharat / bharat

Operation Nanhe Farishtey : ৯৭৫ টা শিশু উদ্ধাৰ কৰি পৰিয়ালক হস্তান্তৰ আৰপিএফৰ

author img

By

Published : Feb 24, 2023, 8:34 PM IST

ৰে'ল আৰক্ষী বাহিনীয়ে মুম্বাইৰ কেইবাটাও ৰে'ল ষ্টেচনৰ সীমাত আশ্ৰয় লোৱা ৯৭৫ টা শিশুক উদ্ধাৰ কৰে আৰু তেওঁলোকক তেওঁলোকৰ পৰিয়ালৰ সৈতে পুনৰ মিলন ঘটায় (Railway Police Force rescued 975 children) ।

RPF
RPF

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : 'অপাৰেচন ননহে ফৰিষ্টে' অভিযানৰ অধীনত ৰে'লৱে আৰক্ষী বাহিনীৰ বৃহৎ সফলতা (Operation Nanhe Farishtey by RPF) । মুম্বাইৰ কেইবাটাও ৰে'ল ষ্টেচনৰ পৰা ৰে'লৱে আৰক্ষী বাহিনীয়ে (Railway Police Force, RPF) ৯৭৫ টা শিশুক উদ্ধাৰ কৰে আৰু তেওঁলোকৰ পৰিয়ালৰ হাতত গতাই দিয়ে (Railway Police Force rescued 975 children) । শিশু সৰবৰাহকাৰী চক্ৰৰ পৰা শিশুসকলক বিচাৰি উলিওৱা আৰু উদ্ধাৰ কৰাৰ বাবে এই অভিযানটো ভাৰতীয় ৰে'লৱেয়ে 'অপাৰেচন ননহে ফৰিষ্টে'ৰ বেনাৰত আৰম্ভ কৰিছিল । চৰকাৰী সূত্ৰ অনুসৰি, ঘৰ এৰি যোৱা বা হেৰাই যোৱা শিশুসকলক প্ৰায়ে এনেদৰে ৰে'লপথৰ ওচৰত পোৱা যায় ।

পশ্চিম ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া (Western Railways Public Relations Officer) সুমিত ঠাকুৰে এই সন্দৰ্ভত কয়, "ভাৰতীয় ৰে'লৱেই ৯৭৫ টা শিশু, ৬৫০ জন ল'ৰা আৰু ৩২৫ গৰাকী ছোৱালীক উদ্ধাৰ কৰে (Indian Railways rescued 975 children) । তেওঁলোকে ঘৰ এৰি ৰে'ল ষ্টেচনত বাস কৰা দেখা গৈছিল । উদ্ধাৰ কৰাসকলক তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ হাতত গতাই দিয়া হৈছে । আৰপিএফে শিশু সৰবৰাহ (child trafficking) প্ৰতিৰোধৰ বাবে সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু অপৰাধীৰ বিৰুদ্ধে যুঁজ দিবলৈ এই অভিযান আৰম্ভ কৰিছিল ।"

ঠাকুৰে লগতে কয়, "যেতিয়াই ভাৰতীয় ৰে'লৱেই ৰে'ল ষ্টেচনত থকা এটা নিৰাশ শিশুৰ বিষয়ে তথ্য লাভ কৰে, এটা বেচৰকাৰী সংগঠনৰ সৈতে উক্ত শিশুসকলক ট্ৰেক কৰে । তাৰ পিছত তেওঁলোকক পৰামৰ্শদাতাসকলে পৰামৰ্শ দিয়ে । শিশুসকলৰ পৰা তেওঁলোকৰ পৰিয়ালৰ বিষয়ে বিৱৰণ সংগ্ৰহ কৰাৰ পিচত সেই বিৱৰণবোৰ পৰীক্ষা কৰা হয় আৰু শিশুসকলক তেওঁলোকৰ নিজ নিজ পৰিয়ালৰ সদস্যৰ হাতত গতাই দিয়া হয় ।"

ঠাকুৰে আৰু কয়, "ৰে'ল মন্ত্ৰালয়ে ২০২১ চনৰ ডিচেম্বৰত ৰে'লৱেৰ সংস্পৰ্শলৈ অহা আৰু সংকটত থকা শিশুসকলৰ উন্নত যত্ন আৰু সুৰক্ষাৰ বাবে এক সংশোধিত মানক সঞ্চালন প্ৰক্ৰিয়া মুকলি কৰিছে । এইটো ২০২২ চনত কাৰ্যকৰী কৰা হৈছে । ২০২২ চনত ৰে'ল আৰক্ষী বাহিনীয়ে ১৭,৭৫০-তকৈও অধিক শিশুক উদ্ধাৰ কৰিছিল । তেওঁলোক তেওঁলোকৰ পৰিয়ালৰ পৰা পৃথক হৈ আছিল আৰু ৰে'লৱেৰ সীমাৰ ভিতৰত বাস কৰি আছিল’’ ।আনহাতে, উদ্ধাৰ কৰা শিশুসকলৰ আত্মীয়সকলে তেওঁলোকৰ সন্তানক দেখি অত্যন্ত সুখী অনুভৱ কৰা বুলিও তেওঁ কয় ।

লগতে পঢ়ক : PM Narendra Modi election campaign at Nagaland: উত্তৰ-পূবক ATM হিচাপে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.