ETV Bharat / bharat

অপাৰেচন গংগাৰ দায়িত্ব ল’লে ভাৰতীয় বায়ুসেনাই

author img

By

Published : Mar 2, 2022, 11:26 AM IST

‘অপাৰেচন গংগা'ৰ অধীনত সংঘৰ্ষগ্ৰস্ত ইউক্ৰেইনৰ পৰা ভাৰত চৰকাৰে বিশেষ বিমানেৰে উদ্ধাৰ কৰি আনিছে বহু ভাৰতীয়ক(Indian Air Force joins aircraft) ৷ বুধবাৰৰ পৰা এই অভিযানত যোগদান কৰিছে ভাৰতীয় বায়ুসেনাই ৷ বায়ুসেনাৰ সহযোগত কম সময়ৰ ভিতৰত অধিক লোকক স্থানান্তৰ কৰাৰ আশা কৰা হৈছে ৷

Indian Air Force joins evacuation efforts as its C-17 aircraft leaves for Romania
অপাৰেচন গংগাৰ দায়িত্ব ল’লে ভাৰতীয় বায়ুসেনাই

নিউজ ডেস্ক, 2 মাৰ্চ : ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক স্থানান্তৰৰ বাবে ভাৰতীয় বায়ু সেনাই দায়িত্ব গ্ৰহণ কৰিছে(Indian Air Force To Join Ukraine Evacuation) ৷ সেই অনুসৰি বুধবাৰে পুৱা ‘অপাৰেচন গংগা'ৰ অধীনত ভাৰতীয় বায়ু সেনাৰ প্ৰথমখন বিমান ৰোমানিয়ালৈ ৰাওনা হয়(C 17 aircraft leaves for Romania) । পুৱা প্ৰায় ৪ বজাত হিন্দন এয়াৰবেছৰ পৰা উৰা মাৰে ভাৰতীয় বায়ুসেনাৰ (IAF) চি-17 পৰিবহন বিমানখন(C 17 aircraft leaves for Romania) ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক দেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় ৷ বৈঠকৰ পাছত ভাৰতীয় বায়ুসেনাক এই অভিযানত যোগদান কৰিবলৈ আহ্বান জনোৱা হৈছিল ৷ বায়ুসেনাৰ সহযোগত কম সময়ৰ ভিতৰত অধিক লোকক স্থানান্তৰ কৰাৰ লগতে অধিক দক্ষতাৰে সাহায্য প্ৰদান কৰিব পৰা যাব বুলি আশা কৰা হৈছে ৷

২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পিছত, ভাৰত চৰকাৰে সংঘৰ্ষগ্ৰস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক ঘূৰাই অনাৰ বাবে 'অপাৰেচন গংগা'ৰ আৰম্ভ কৰিছিল । এই অভিযানৰ জৰিয়তে বিশেষ বিমানসমূহ বিনামূলীয়াকৈ পৰিচালনা কৰা হৈছে । ইউক্ৰেইনৰ পৰা ২১৯ জন ভাৰতীয় নাগৰিকক কঢ়িয়াই অনা প্ৰথমখন বিমান ২৬ ফেব্ৰুৱাৰীত মুম্বাইত অৱতৰণ কৰিছিল । ইয়াৰ পাছত অপাৰেছন গংগাৰ অধীনত এনে ধৰণৰ বহু কেইখন বিমানে ৰাষ্ট্ৰখনত উদ্ধাৰ অভিযান চলাই আৱদ্ধ ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ ঘূৰাই আনিছে ৷

ইউক্ৰেইনৰ সীমান্তৰ পোলেণ্ড, ৰোমানিয়া, হাংগেৰী আৰু শ্লোভাকিয়াৰ পৰা ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাত সহায় কৰিবলৈ 24x7 নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে । মলদোভাৰ মাজেৰেও এটা নতুন পথ মুকলি কৰা হৈছে আৰু বৈদেশিক মন্ত্ৰালয়ৰ এটা দলে তাত বাহৰ পাতি লোকসকলক সহায় কৰি আহিছে । এই দলটোৱে ৰোমানিয়াহৈ ভাৰতীয়সকলক স্থানান্তৰ কৰাত সহায় কৰিব ।

অপাৰেচন গংগাক সহায় কৰিবলৈ এটা টুইটাৰ একাউণ্টো (@opganga) স্থাপন কৰা হৈছে । কিয়েভৰ ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক সীমান্ত চৌকিসমূহত চৰকাৰী বিষয়াসকলৰ সৈতে আগতীয়া সমন্বয় অবিহনে সীমান্তৰ যিকোনো চেক পইণ্টলৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ।

লগতে পঢ়ক : Russia Ukraine war : ইউৰোপীয় পৰিষদৰ সভাপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তালাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.