ETV Bharat / bharat

ত্ৰিপুৰাত দিনজোৰা অনশনত বহিল অ'এনজিচি কৰ্মী

author img

By

Published : Apr 21, 2021, 12:12 PM IST

আঠটা দাবী লৈ ত্ৰিপুৰাত অ'এনজিচি কৰ্মীৰ দিনজোৰা অনশন ৷ চি-অফ (C-off) প্ৰদান, এন ই স্থানান্তৰ (NE transfers), টি.এ. ব্যয় সংশোধন ইত্যাদি বিভিন্ন বিষয় লৈ এছ'চিয়েশ্যন অৱ চাইণ্টিফিক এণ্ড টেকনিকেল অফিচাৰ (এএছটিঅ') ৰ বেনাৰত প্ৰতিবাদত বহিল অ'এনজিচি ৰ কৰ্মচাৰী সকল ৷

ongc staff hold day long fast during duty
ত্ৰিপুৰাত দিনজোৰা অনশনত বহিল অ'এনজিচি কৰ্মী

ত্ৰিপুৰা, 21 এপ্ৰিল: আঠটাকৈ দাবীৰে সৈতে মঙলবাৰে ত্ৰিপুৰাত অ'এনজিচিৰ প্ৰায় এক হাজাৰৰো অধিক কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি কোনো ধৰণৰ খাদ্য গ্ৰহণৰ পৰা বিৰত থাকে ৷ এছ'চিয়েশ্যন অৱ চাইণ্টিফিক এণ্ড টেকনিকেল অফিচাৰ (এএছটিঅ') ৰ বেনাৰত অ'এনজিচি ৰ কৰ্মচাৰী সকলে দিনজোৰা অনশন কাৰ্যসূচী পালন কৰে ৷

ongc staff hold day long fast during duty
আঠটা দাবী লৈ ত্ৰিপুৰাত অ'এনজিচি কৰ্মীৰ দিনজোৰা অনশন

পি.আৰ.বি.এছ. একাউণ্টত নিয়োগকৰ্তা সকলৰ 15 শতাংশ অৱদান তাৎক্ষণিকভাৱে পুনৰুদ্ধাৰ কৰাৰ লগতে 2017 চনৰ 1 জানুৱাৰীৰ পৰা ক্ষেত্ৰত কাম কৰা বিষয়াসকলক আইনী ভাট্টা পৰিশোধ কৰা তথা অতিৰিক্ত কৰ্তব্য পালনৰ বাবে ক্ষতিপূৰণকে ধৰি অন্য বহুকেইটা দাবীৰে অ'এনজিচিৰ কৰ্মচাৰী সকল অনশনত বহে ৷ প্ৰতিবাদী কৰ্মী সকলে ক্ষেত্ৰলৈ যোৱা কাৰ্যবাহী সকলক চি-অফ (C-off) প্ৰদান, এন ই স্থানান্তৰ (NE transfers) তাৎক্ষণিক মুকলি কৰা আৰু টি.এ. ব্যয় সংশোধনৰো দাবী উত্থাপন কৰে ৷

সূত্ৰ অনুসৰি, ক'ভিড-19 সৃষ্ট পৰিৱেশৰ ফলত উদ্ভৱ হোৱা অ-স্থানান্তৰ (non-transfer) নীতিৰ বাবে অ'এনজিচি ত্ৰিপুৰাৰ মধ্য পৰ্যায়ৰ কৰ্মচাৰী সকলৰ মাজত অসন্তুষ্টি বিৰাজ কৰাৰ লগতে ইয়াৰ ফলত উৎপাদন প্ৰক্ৰিয়াও প্ৰায় স্তব্ধ হৈ পৰিছে ৷

লগতে পঢ়ক: কৰ'ণাসৃষ্ট পৰিৱেশৰ ফলত হতাশাত ত্ৰিপুৰাৰ চাকৰি প্ৰত্যাশী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.