ETV Bharat / bharat

কানপুৰত অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণত নিহত ১

author img

By

Published : Apr 30, 2021, 5:16 PM IST

কানপুৰৰ দাদা নগৰ ঔদ্যোগিক অঞ্চলৰ পাংকি অক্সিজেন প্ৰকল্পত ৰিফিলিঙৰ সময়ত অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণ ঘটি নিহত এজন । লগতে গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক ।

KANPUR
কানপুৰত অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণত নিহত ১

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: শুকুৰবাৰে পুৱা কানপুৰৰ দাদা নগৰ ঔদ্যোগিক অঞ্চলৰ পাংকি অক্সিজেন প্ৰকল্পত অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণ ঘটে । ফলত এজন লোক নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয় । উক্ত অক্সিজেন প্ৰকল্পটোত ৰিফিলিঙৰ সময়ত বিস্ফোৰণটো সংঘটিত হয় বুলি আৰক্ষীয়ে জনায় ।

নিহত লোকজন অক্সিজেন প্ৰকল্পৰ কৰ্মী ইমৰাদ আলী বুলি চিনাক্ত কৰা হৈছে । ইফালে, আহত এগৰাকীক লালা লাজপত ৰায় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আন গৰাকী আহতক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাচত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ।

লগতে পঢ়ক: ভাৰতত এদিনত ৩.৮৬ লাখ লোক কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.