ETV Bharat / bharat

Drugs seized in Tripura : ব্ৰাউন চুগাৰসহ আগৰতলাত গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ত্ৰিপুৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে (Tripura police raid against drugs)। এইবাৰ প্ৰায় ৫ লাখ টকাৰ নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে । বিলাসী বাহনৰ গোপন স্থানত লুকুৱাই আনিছিল ব্ৰাউন চুগাৰখিনি । ঘটনা সন্দৰ্ভত এজন গ্ৰেপ্তাৰ ।

author img

By

Published : May 26, 2022, 1:50 PM IST

Drugs seized in Tripura
ব্ৰাউন চুগাৰসহ আগৰতলাত গ্ৰেপ্তাৰ সৰবৰাহকাৰী

আগৰতলা, ২৬ মে' : ত্ৰিপুৰাত নিচা জাতীয় দ্ৰব্য আৰু ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে । ইয়াৰ মাজতে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই প্ৰায় প্ৰতিদিনে গাঞ্জা, ড্ৰাগছ আদি নিচা জাতীয় দ্ৰব্য জব্দ কৰিছে যদিও এই নিষিদ্ধ সামগ্ৰীৰ প্ৰচলন বন্ধ হোৱা নাই । নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত ব্যৱসায়ী তথা সৰবৰাহকাৰীয়ে নতুন নতুন কৌশল অৱলম্বন কৰা দেখা গৈছে । আৰক্ষীৰ চকুত ধূলি দিবলৈ বাহনৰ বিভিন্ন গোপন স্থানত নিষিদ্ধ সামগ্ৰীবোৰ সৰবৰাহ কৰা দেখা গৈছে ।

এইবাৰ পুনৰ সৰবৰাহকাৰীয়ে তেনে উপায় অৱলম্বন কৰিছিল যদিও তেওঁলোকৰ উদ্দেশ্য সফল নহ'ল । বিলাসী বাহনৰ গোপন স্থানত ড্ৰাগছ লুকুৱাই আনিও আৰক্ষীৰ চকুত ধূলি মাৰিব নোৱাৰিলে সৰবৰাহকাৰীয়ে । যাৰবাবে ত্ৰিপুৰা আৰক্ষীয়ে প্ৰায় ৫ লাখ টকাৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় (Brown sugar seized in Agartala)।

সমান্তৰালকৈ এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আগৰতলাৰ সমীপৰ আমতলীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰখিনি (Tripura police seized drugs in Amtali)।

আমতালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সিদ্ধাৰ্থ কাৰে জনোৱা মতে ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত আৰক্ষীয়ে এক গোপন খবৰ লাভ কৰিছিল । তাৰ পাছতে আমতলী আৰক্ষীয়ে তালাচী চকী স্থাপন কৰি বাহনসমূহ পৰীক্ষা কৰিছিল । তেনে সময়তে আৰক্ষীয়ে আগৰতলা অভিমুখী এখন বিলাসী বাহন ৰখাই আৰু বাহনখন তন্ন-তন্নকৈ পৰীক্ষা কৰে । তালাচীৰ সময়তে বাহনখনৰ পৰা আৰক্ষীয়ে ৬ পেকেট ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে ।

আৰক্ষীয়ে জনোৱা মতে বাহনখনৰ গিয়াৰ বক্সৰ ভিতৰত লুকুৱাই আনিছিল ব্ৰাউন চুগাৰখিনি । ঘটনা সন্দৰ্ভত ওম প্ৰকাশ ৰাও নামৰ লোকজনকো আৰক্ষীয়ে আটক কৰিছে (Drugs peddler arrested in Tripura)। লোকজন আগৰতলাৰ সমীপৰ বৰজলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে লোকজনক জেৰা চলোৱাৰ লগতে অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :ভাৰত-ম্যানমাৰ সীমান্তত প্ৰায় ৪৫ কোটি মূল্যৰ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.