আগৰতলা,২৭ আগষ্ট: ত্ৰিপুৰাৰ পশ্চিম জিলাৰ লেফুঙ্গা আৰক্ষী থানাৰ অন্তৰ্গত মোহনপুৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা অভিযানত গাঞ্জাসহ আৰক্ষীৰ জালত পৰে এজন লোক । আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি চাৰিজন যুৱকে যোৱা নিশা এখন মাৰুতি ভানেৰে শুকান গাঞ্জা পোৱা এখন গাঁৱলৈ যাত্ৰা কৰিছিল ।
গোপন সূত্ৰৰ জৰিয়তে লেফুঙ্গা আৰক্ষী থানাৰ নিৰাপত্তাৰক্ষীয়ে খবৰ লাভ কৰি বাহনখন ৰখাওতেই বাহনখনত থকা চাৰিজন লোকৰ ভিতৰত তিনিজনে পলাই পত্ৰং দিয়ে যদিও এজনক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় আৰক্ষী(1 arrested in Tripura with ganja) । লগতে আৰক্ষীয়ে বাহনখনৰ পৰা জব্দ কৰে ৩৫ কিঃগ্ৰাঃ গাঞ্জা(Ganja Seized in Tripura) ।
আটকাধীন যুৱকজন নৰশিনগড় অঞ্চলৰ উত্তৰ ৰামনগৰৰ সঞ্জয় ৰয় বুলি জানিব পৰা গৈছে । আনহাতে পলাতক যুৱকেইজন বিমল সৰকাৰ, ৰাম সৰকাৰ আৰু বিশ্বজিৎ সৰকাৰ বুলি চিনাক্ত কৰা হৈছে । ইতিমধ্যে ধৃত সঞ্জয়ক আদালতত হাজিৰ কৰাইছে আৰক্ষীয়ে । লগতে পলাতক তিনি যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্য়াহত ৰাখিছে ।