ETV Bharat / bharat

Olive Oil for Lips: ফাটি যোৱা ওঁঠযুৰিক অধিক আকৰ্ষণীয় কৰি তোলক অলিভ অইলেৰে - জলফাইৰ তেল

বজাৰত বাজেট ফ্ৰেণ্ডলি বিভিন্ন লিপ বাম উপলব্ধ । কিন্তু ৰাসায়নিক লিপ বামৰ নিজস্ব পাৰ্শ্বক্ৰিয়াও থাকে যিবোৰ সময়ৰ লগে লগে ক্ৰমান্বয়ে দেখা দিয়ে । এনে পৰিস্থিতিত এই সকলোবোৰ এৰি ওঁঠৰ বাবে ব্যৱহাৰ কৰক জলফাইৰ তেল ।

Olive oil cures dry chapped lips and makes them pink just use this way
ফাটি যোৱা ওঁঠযুৰিক অধিক আকৰ্ষণীয় কৰি তোলক অলিভ অইলেৰে
author img

By

Published : Feb 17, 2023, 7:50 PM IST

শীতকাল এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই আৰু সেইবাবেই এইখিনি সময়ছোৱাত আপোনাৰ ছালৰ লগতে ওঁঠকো অতিৰিক্ত যত্নৰ প্ৰয়োজন । ওঁঠ ফাটি যোৱাসকলৰ বাবে বহুত লিপ বাম পোৱা যায় (Can olive oil make lips pink?)। বজাৰতো বিভিন্ন ধৰণৰ লিপ বাম সহজতে উপলব্ধ । ইয়াৰে কিছুমান আপোনাৰ কাম আহিছে নতুবা কিছুমানে আপোনাক নিৰাশ কৰিছে । কিন্তু কেমিকেলযুক্ত লিপ বামৰ নিজস্ব পাৰ্শ্বক্ৰিয়াও থাকে যিবোৰ সময়ৰ লগে লগে ক্ৰমান্বয়ে দেখা দিয়ে । এনে পৰিস্থিতিত এই সকলোবোৰ এৰি ওঁঠৰ বাবে জলফাই তেল বা অলিভ অইল ব্যৱহাৰ কৰক । জানক ইয়াৰ লাভালাভসমূহ ৷

জলফাইৰ তেলে আপোনাক কেতিয়াও নিৰাশ নকৰে (Does olive oil work on chapped lips?)। জলফাইৰ তেলৰ উপকাৰিতাৰ বিষয়ে আমি ইতিমধ্যে জানো যদিও ইয়াৰ এখন দীঘলীয়া তালিকা আছে । কিন্তু ফাটি যোৱা ওঁঠৰ চিকিৎসাৰো এক উত্তম উপায় । ওঁঠৰ কথা কোৱাৰ আগতে অলিভ অইল আপোনাৰ ছালৰ বাবে কেনেদৰে লাভজনক সেই কথা জানি লওঁ আহক ।

ছালৰ বাবে অলিভ অইলৰ উপকাৰিতা-

  • ইয়াত এন্টি অক্সিডেন্ট, ভিটামিন ই, আৰু স্কুৱেলেন আৰু অলিঅ’কেন্থেলৰ দৰে পদাৰ্থ থাকে যিয়ে ছালৰ ক্ষতি ৰোধ কৰে আৰু লগতে এন্টি এজিঙৰ পৰাও সকাহ দিয়ে ।
  • অলিভ অইল বিষাক্ত নহয়, অণুজীৱ প্ৰতিৰোধী আৰু এলাৰ্জী অনুকূল (Can olive oil lighten dark lips?) ।
  • ই ছালক হাইড্ৰেট কৰে আৰু আৰ্দ্ৰতা বজাই ৰাখে । ইয়াৰ উপৰিও শুকানতা নাইকিয়া কৰি আপোনাৰ ছালৰ উজ্বলতা পুনৰ ঘূৰাই আনিব পাৰে ।
  • অলিভ অইলে UV ৰশ্মিৰ প্ৰভাৱো হ্ৰাস কৰিব পাৰে ।

ওঁঠৰ বাবে জলফাইৰ তেল

লিপ বামৰ উপাদান পৰীক্ষা কৰিলে অলিভ অইল ব্যৱহাৰ কৰা বহুতো ব্ৰেণ্ড পোৱা যায় । সেয়েহে পোনে পোনে জলফাইৰ তেল প্ৰয়োগ কৰিও ওঁঠৰ পুষ্টি লাভ কৰিব পাৰি ।

ই আপোনাৰ ফাটি যোৱা ওঁঠ দুটি ভাল কৰি পুনৰ শুকান হোৱাত বাধা প্ৰধান কৰি । গতিকে যদি আপোনাৰ ওঁঠ শুকান হয় তেন্তে ৰাতি শুই থকাৰ সময়ত অলপ অলিভ অইল লগাব (Can I leave olive oil on my lips overnight?)। লগতে চেনিৰ লগত অলিভ অইল মিহলাই প্ৰাকৃতিক লিপ স্ক্ৰাব তৈয়াৰ কৰিব পাৰে । চেনিয়ে আপোনাৰ ওঁঠৰ ছালখন মসৃণ কৰি তুলিব আৰু ছালৰ যিকোনো শুকান বা ডেট স্কিন আঁতৰোৱাত সহায় কৰিব ।

অলিভ অইলে ওঁঠ গোলাপী কৰি তুলিব পাৰেনে ?

গোলাপী ওঁঠ পাবলৈ লিপষ্টিক আৰু লিপ গ্লছৰ বিপৰীতে স্বাভাৱিকভাৱে গোলাপী ওঁঠ পাবলৈ এক্সফোলিয়েচনৰ আশ্ৰয় ল’ব পাৰে । বিশেষজ্ঞই কৈছে যে, ওঁঠৰ ছালৰ ডেট স্কিনবোৰ আঁতৰাই আপোনাৰ ছালখন নবীকৰণ কৰিবলৈ ওঁঠৰ স্ক্ৰাব কৰাটো অতি প্ৰয়োজনীয় । চেনি আৰু অলিভ অইলৰ স্ক্ৰাব ব্যৱহাৰ কৰাটো ওঁঠৰ এক্সফোলিয়েট আৰু পুষ্টিকৰ অন্যতম উত্তম উপায় । প্ৰতিবাৰে ৩০ ছেকেণ্ডৰ বাবে সপ্তাহত কমেও তিনিবাৰ ব্যৱহাৰ কৰক । ৰাতি শোৱাৰ আগতে নাভিত অলিভ অইল প্ৰয়োগ কৰিলেও প্ৰজনন ক্ষমতা বৃদ্ধি পাব পাৰে ।

লগতে পঢ়ক: Perfume Day 2023: আপুনিও পাৰ্ফিউম ব্যৱহাৰ কৰে নেকি ? তেন্তে আজিয়েই বন্ধ কৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.