ETV Bharat / bharat

Odisha train tragedy: ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাত মৃত্যু ২৭৫ জনৰ, ১১৭৫ গৰাকী আহত

author img

By

Published : Jun 4, 2023, 7:00 PM IST

বালাছোৰ ৰে’ল দুৰ্ঘটনাত মুঠ মৃতকৰ সংখ্যা প্ৰকাশ কৰিছে ওড়িশা চৰকাৰে (Total death in Odisha train accident)। চৰকাৰী তথ্য মতে ২৭৫ গৰাকী যাত্ৰীৰ মৃত্যু হৈছে । ৭৮ টা মৃতদেহ চিনাক্ত কৰি তেওঁলোকৰ পৰিয়ালক হস্তান্তৰ কৰা হৈছে ।

Odisha train tragedy
দুৰ্ঘটনাত মৃত্যু ২৭৫ জনৰ

নেশ্যনেল ডেস্ক, ৪ জুন : ওড়িশাৰ বালাছোৰৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনাত আচলতে ২৮৮ গৰাকী লোকৰ মৃত্যু হোৱা নাই । নিহতৰ সংখ্যা ২৭৫ টা (Total death in Odisha train accident)। ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাই এই কথা নিশ্চিত কৰিছে । বিভিন্ন মাধ্যমত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ২৮৮ হিচাপে প্ৰকাশ পাইছিল । তাৰ পাছতে মুখ্য সচিবে এই কথা স্পষ্ট কৰিছে ।

মুখ্য সচিব প্ৰদীপ জেনাৰ মতে ২৭৫ টাৰ ভিতৰত ৭৮ টা মৃতদেহ চিনাক্ত কৰি তেওঁলোকৰ পৰিয়ালক হস্তান্তৰ কৰা হৈছে আৰু ১০ টা মৃতদেহ চিনাক্তকৰণৰ প্ৰক্ৰিয়া শেহতীয়াকৈ সম্পূৰ্ণ কৰা হৈছে (275 death in Balasore train accident)। এতিয়ালৈকে, বালাছোৰৰ পৰা ভুৱনেশ্বৰলৈ ১৭০ টা মৃতদেহ স্থানান্তৰ কৰা হৈছে ।

প্ৰদীপ জেনাৰ মতে, অন্তিম মৃত্যুৰ সংখ্যা হৈছে ২৭৫ টা । কিছুমান মৃতদেহ দুবাৰকৈ গণনা কৰা হৈছিল । জিলা উপায়ুক্তৰ দ্বাৰা নিহতৰ সংখ্যা ঘোষণা কৰা হৈছে । প্ৰশাসনৰ তথ্য অনুসৰি, ২৭৫ গৰাকী লোকৰ মৃত্যু হৈছে । ২৭৫ টা মৃতদেহৰ ভিতৰত ৮৮ টা মৃতদেহ চিনাক্ত কৰা হৈছে । ৭৮ টা মৃতদেহ তেওঁলোকৰ আত্মীয়সকলক হস্তান্তৰ কৰা হৈছে । বাকী ১৮৭ টা মৃতদেহ চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে ।

আনহাতে ভয়ংকৰ দুৰ্ঘটনাটোত ১১৭৫ গৰাকী লোক আহত হৈছে । চিকিৎসাৰ পাছত ৩৩৬ গৰাকী যাত্ৰীক হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে । আনহাতে ৩৮২ গৰাকী যাত্ৰীৰ চিকিৎসা এতিয়াও চলি আছে ।

ইফালে ৰে'ল দুৰ্ঘটনাৰ ফলত ওড়িশাত আবদ্ধ হৈ থকা বিভিন্ন যাত্ৰীক স্থানান্তৰৰ বাবে বাছ সেৱা মুকলি কৰিছে (Odisha free bus service to Kolkata)। চৰকাৰে ঘোষণা কৰা মতে পুৰী, ভুৱনেশ্বৰ আৰু কটকৰ পৰা বাছসমূহ কলকাতালৈ চলিব । আনহাতে, ওড়িশা চৰকাৰে বাছ সেৱাৰ সকলো খৰছ বহন কৰিব । সমান্তৰালকৈ আহত আৰু নিহত যাত্ৰীসকলৰ ফটো বিভিন্ন ৱেবছাইটত আপলোড কৰা হৈছে । যাতে তেওঁলোকৰ আত্মীয়ই চিনাক্ত কৰিব পাৰে ।

লগতে পঢ়ক :Balasore train accident : ভুৱনেশ্বৰলৈ ৰাওনা এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.